অসম

assam

ETV Bharat / state

কৰ’ণাৰ প্ৰতিষেধকৰ বাবে যথেষ্ট সময়ৰ প্ৰয়োজন: হিমন্ত বিশ্ব শৰ্মা - Plasma

ডিচেম্বৰ মাহলৈকে ৰাজ্যত উপলব্ধ নহয় কৰ’ণাৰ প্ৰতিষেধক ৷ কৰ’ণাৰ প্ৰতিষেধক ওলাবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হ’ব ৷ বৰ্তমান ৰাইজ সজাগ আৰু সচেতন হৈ থকাতোৱেই কৰ’ণা প্ৰতিৰোধৰ একমাত্ৰ উপায় ৷ বৃহস্পতিবাৰে কৰ’ণা মহামাৰীৰ প্ৰতিষেধক সম্পৰ্কত এই মন্তব্য আগবঢ়াই স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷

Reaction of Himanta biswa sarma on plasma donation guwahati assam etv bharat news
প্লাজমা দান কাৰ্যসূচীত উপস্থিত স্বাস্থ্য মন্ত্ৰী

By

Published : Sep 10, 2020, 8:56 PM IST

গুৱাহাটী,10 ছেপ্তেম্বৰ:ৰাজ্যৰ কৰ’ণা আক্ৰান্তক কৰ’ণা মুক্ত কৰিবলৈ স্বাস্থ্য বিভাগে ইতিমধ্যে ভাইৰাছবিধত আক্ৰান্ত হৈ সুস্থ হোৱা ব্যক্তিসকলক প্লাজমা দান কৰিবৰ বাবে আহ্বান জনাইছিল ৷ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাইয়ো এইক্ষেত্ৰত বিশেষভাৱে আহ্বান জনাইছিল প্লাজমা দান কৰিবৰ বাবে ৷ ইতিমধ্যে স্বাস্থ্য মন্ত্ৰী আৰু ৰাজ্যৰ স্বাস্থ্য বিভাগৰ আহ্বান অনুসৰি ভালেসংখ্যক কৰ’ণাত আক্ৰান্ত হৈ সুস্থ হোৱা লোকে দান কৰিছে প্লাজমা ৷ আৰু এই প্লাজমা থেৰাপীৰে শতাধিক কৰ’ণা ৰোগীক সুস্থ কৰি তুলিবলৈ সক্ষম হৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগ ৷ প্লাজমা দানেৰে অন্য কৰ’ণা ৰোগীক জীৱনদান দিয়াৰ এনে মহান উদ্দেশ্যেৰে বৃহস্পতিবাৰে প্লাজমা দান কৰিলে প্ৰায় অৰ্ধ শতাধিক কনিষ্ঠ চিকিৎসকে ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত অনুষ্ঠিত এই প্লাজমা দান অনুষ্ঠানত উপস্থিত থাকে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা,কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া তুলিৰাম ৰংহাং, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ অভিজিৎ শৰ্মাৰ লগতে কেইবাজনো জ্যেষ্ঠ চিকিৎসক ৷

প্লাজমা দান কাৰ্যসূচীত উপস্থিত স্বাস্থ্য মন্ত্ৰী

উল্লেখ্য যে,ৰাজ্যত বৰ্তমানে কৰ’ণা আক্ৰান্তৰ সংখ্যাই 1 লাখ 30 হাজাৰৰ সীমা অতিক্ৰম কৰিলে ৷ কৰ’ণা ৰোগীৰ তুলনাত ক্ৰমাৎ হ্ৰাস পাইছে চিকিৎসালয়ৰ আইচিইউৰ সংখ্যা ৷ কৰ’ণা ৰোগীৰ সংখ্যা ৰাজ্যত এনেদৰে বৃদ্ধি হৈ থাকিলে আইচিইউৰ অভাৱ ঘটিব গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৷ বৃহস্পতিবাৰৰ কাৰ্যসূচীত উপস্থিত থাকি এই মন্তব্য আগবঢ়াই মন্ত্ৰী শৰ্মাই ৷ বিগত 24 ঘণ্টাত 18 গৰাকী কোভিড 19 ত আক্ৰান্ত লোকে প্ৰাণ হেৰুৱাবলগীয়া হোৱা বিষয়টোত যথেষ্ট উদ্বেগ প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে ৷ তদুপৰি কৰ’ণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ দুৰ্গা পূজা অনুষ্টুপীয়াকৈ পালন কৰিবলৈ ৰাজ্যবাসীক আহ্বান জনাই স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে চাওকঃতৰুণ গগৈৰ স্বাস্থ্যৰ বুজ ল’লে হিমন্ত বিশ্ব শৰ্মাই

ABOUT THE AUTHOR

...view details