অসম

assam

ETV Bharat / state

মিঞা সংগ্ৰহালয় প্ৰসংগ: টুইটযোগে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া - শ্বেৰমান আলী আহমেদ

মহানগৰীৰ পাঞ্জাবাৰীস্থিত শংকৰদেৱ কলাক্ষেত্ৰত মিঞা সংগ্ৰহালয় নিৰ্মাণৰ দাবী জনাইছিল বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদে ৷ ইয়াক কেন্দ্ৰ কৰি ৰাজ্যত সূত্ৰপাত ঘটিছে নতুন বিতৰ্কৰ ৷ কিন্তু বিধায়কগৰাকীৰ এই দাবীৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷

Reaction of HBS in miya meseums matter guwahati assam etv bharat news
পাঞ্জাবাৰীস্থিত শংকৰদেৱ কলাক্ষেত্ৰ

By

Published : Oct 25, 2020, 5:54 PM IST

Updated : Oct 25, 2020, 7:57 PM IST

গুৱাহাটী,25 অক্টোবৰ: এইবাৰ ৰাজ্যত আৰম্ভ হৈছে আৰু এক নতুন চৰ্চা, নতুন বিতৰ্কৰ ৷ অসমৰ চৰ-চাপৰিত বসবাস কৰা লোকসকলৰ কৃষ্টি-সংস্কৃতি প্ৰতিফলিত কৰিব পৰাকৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এটা সংগ্ৰহালয় স্থাপন কৰাৰ বাবে চৰকাৰৰ ওচৰত আবেদন জনাইছিল বহুবল্কী কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী আহমেদে । এখোজ আগলৈ গৈ বিধায়কজনে এই দাবীও তুলিছে যে, চৰ-চাপৰিত বসবাস কৰা লোকসকলক যিহেতু মিঞা বুলি সাধাৰণতে জনা যায়, গতিকে এই প্ৰস্তাৱিত সংগ্ৰহালয়টোৰ নাম মিঞা মিউজিয়াম ৰখা উচিত ৷

কেবিনেট মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া

ইতিমধ্যে এই দাবী উত্থাপন কৰি বিধায়ক গৰাকীয়ে ৰাজ্য চৰকাৰৰ সংগ্ৰহালয় সঞ্চালকক বিগত 18 অক্টোবৰত এখন পত্ৰ প্ৰদান কৰে ৷ পত্ৰখনত উল্লেখ কৰা হৈছে যে, ইতিমধ্যে অসম বিধানসভাৰ শিক্ষা বিভাগৰ স্থায়ী সমিতি (DRSC on Education) ৰ বৈঠকত এই প্ৰস্তাৱ ৰখা হৈছিল আৰু সমিতিয়ে এই প্ৰস্তাৱত অনুমোদনো জনাইছিল । বিধায়কজনৰ এনে পত্ৰই এতিয়া সৃষ্টি কৰিছে নতুন বিতৰ্কৰ ।

শ্বেৰমান আলী আহমেদৰ পত্ৰ

এইক্ষেত্ৰত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে টুইটযোগে স্পষ্ট কৰি দিছে যে এই প্ৰস্তাৱ মানি লোৱা নহ’ব । যিহেতু চৰ-চাপৰিত‌ বাস কৰা অধিকাংশ লোকেই বাংলাদেশৰ পৰা অহা প্ৰব্ৰজনকাৰী । গতিকে কোনো কাৰণতে এনে সংগ্ৰহালয় স্থাপনৰ অনুমতি দিয়া নহ’ব বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়-ছ’ৰী এমএলএ চাহাব ৷

লগতে চাওকঃবাঘেশ্বৰী মন্দিৰত নৱমী পূজা সম্পন্ন

Last Updated : Oct 25, 2020, 7:57 PM IST

ABOUT THE AUTHOR

...view details