অসম

assam

By

Published : Jul 29, 2020, 5:25 PM IST

ETV Bharat / state

পৰিৱেশৰ প্ৰভাৱ মূল্যায়ন আইনে বিপদঘণ্টা কঢ়িয়াব অসমলৈ: দেৱব্ৰত শইকীয়া

কেন্দ্ৰীয় চৰকাৰে নতুন উদ‌্যোগ স্থাপন কৰাৰ বাবে এক পৰিৱেশৰ প্ৰভাৱ মূল্যায়ন আইন (Environment Impact Assessment) কাৰ্যকৰী কৰাক কেন্দ্ৰ কৰি ইতিমধ্যে ৰাজ্যত আইনখনৰ বিৰোধিতা আৰম্ভ হৈছে । বিভিন্ন দল-সংগঠনৰ লগতে বিৰোধী দলসমূহে এই আইনখনৰ বিৰোধিতা কৰা দেখিবলৈ পোৱা গৈছে । কিয়নো এই আইন প্ৰযোজ্য হ’লে সুবিধা লাভ কৰিব পাৰিব বণিয়া গোষ্ঠীয়ে ৷ থলুৱাৰ হাতত আৱদ্ধ থকা সম্পদৰ অধিকাৰৰ ক্ষেত্ৰতো এই আইনে হস্তক্ষেপ কৰিব ৷

Reaction of Debabrat Saikia on new Environment Impact Assessment law guwahati assam etv bharat news
দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া

গুৱাহাটী,29 জুলাই: কোভিড ১৯ ৰ পৰিপ্ৰেক্ষিতত অব্যাহত আতংকময় পৰিস্থিতিৰ মাজতে বিজেপি নেতৃত্বাধীন কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে পৰ্দাৰ পিছফালে কেতবোৰ জন বিৰোধী বিশেষকৈ অসম-উত্তৰ পূৱৰ ৰাইজ আৰু পৰিৱেশৰ ক্ষতি হোৱাকৈ বিভিন্ন কাম-কাজ চলাই গৈছে ৷ বিজেপিৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই । কেন্দ্ৰীয় বন,জলবায়ু আৰু পৰিৱেশ মন্ত্ৰণালয়ৰ তৰফৰ পৰা নতুন উদ‌্যোগ স্থাপন কৰাৰ বাবে যি EIA (Environment Impact Assessment) আইন কাৰ্যকৰী কৰিলে তাৰ পৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰাকৃতিক সম্পদ তথা জন-গণৰ প্ৰতি এক বিশেষ ভাবুকি আহি পৰিব বুলি মন্তব্য প্ৰকাশ কৰিছে বিৰোধী দলপতি শইকীয়াই ৷

এই নতুন আইনখন পূৰ্বৰ কেতবোৰ কঠোৰ নীতি-নিয়মক সম্পূৰ্ণৰূপে সলনি কৰি প্ৰস্তুত কৰা হৈছে ৷ যেতিয়া বাঘজানৰ তৈলক্ষেত্ৰত বিস্ফোৰণ হৈছিল,সেই সময়ত কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰী প্ৰকাশ জাভেদকাৰলৈ এক পত্ৰৰ জৰিয়তে এইক্ষেত্ৰত থকা কিছু জিজ্ঞাসাৰ বিষয়ে জনোৱা বুলি মন্তব্য প্ৰকাশ কৰে দেৱব্ৰত শইকীয়াই । শইকীয়াৰ উক্ত পত্ৰৰ উত্তৰৰূপে অন্য এক পত্ৰ প্ৰেৰণ কৰা হৈছিল যদিও এয়া মনঃপুত নোহোৱাত বিগত ২৩ জুলাইত পুনৰ এক পত্ৰ জাভেদকাৰলৈ প্ৰেৰণ কৰি এই নতুন আইনখনে অসমত বিপদঘণ্টা বজাব বুলি উল্লেখ কৰা হৈছে ।

দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া

উল্লেখ্য যে,কেন্দ্ৰীয় চৰকাৰে নতুন উদ‌্যোগ স্থাপন কৰাৰ বাবে পৰিৱেশৰ প্ৰভাৱ মূল্যায়ন আইন (Environment Impact Assessment) কাৰ্যকৰী কৰাক কেন্দ্ৰ কৰি ইতিমধ্যে ৰাজ্যত আইনখনৰ বিৰোধিতা আৰম্ভ হৈছে । বিভিন্ন দল-সংগঠনৰ লগতে বিৰোধী দলসমূহে এই আইনখনৰ বিৰোধিতা কৰা দেখিবলৈ পোৱা গৈছে । কিয়নো এই আইন প্ৰযোজ্য হ’লে সুবিধা লাভ কৰিব পাৰিব বণিয়া গোষ্ঠীয়ে ৷ থলুৱাৰ হাতত আৱদ্ধ থকা সম্পদৰ অধিকাৰৰ ক্ষেত্ৰতো এই আইনে হস্তক্ষেপ কৰিব ৷ সীমান্তৰ সমীপত 100 কিল’মিটাৰ দুৰত্বত পথ নিৰ্মাণত নৰজিব ৰাইজৰ কোনো ওজৰ-আপত্তি বা প্ৰশ্ন ৷ তদুপৰি পাইপলাইন স্থাপনত কোনো প্ৰশ্ন উত্থাপন কৰিব নোৱাৰিব ৰাইজে ৷

লগতে চাওকঃৰাফেল যুঁজাৰু বিমানৰ পাইলটৰ দায়িত্বত কৰ্ণাটকৰ উইংগ কামাণ্ডাৰ

ABOUT THE AUTHOR

...view details