অসম

assam

ETV Bharat / state

Constituency Delimitation 2023: ভৱিষ্যতে সমষ্টি পুনৰ নিৰ্ধাৰণ 1991 চনৰ লোকপিয়লৰ ভিত্তিত কৰাৰ পোষকতা মুখ্যমন্ত্ৰীৰ - cm himanta biswa sarma

"সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্রত সমস্যা কেৱল সংবাদ মাধ্যমৰ 'বুম' কেইটাতেই সীমাবদ্ধ হৈ আছে ৷ জনসাধাৰণৰ কোনো ধৰণৰ সমস্যা নাই, সমষ্টি পুনৰ নিৰ্ধাৰণৰ জনসাধাৰণেতো ভালেই পাইছে ৷"- মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা

reaction of cm himanta biswa sarma on some issues
পুনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ 1991 চনৰ লোকপিয়লৰ ভিত্তিত কৰাৰ পোষকতা মুখ্যমন্ত্ৰীৰ

By

Published : Jul 13, 2023, 7:57 PM IST

পুনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ 1991 চনৰ লোকপিয়লৰ ভিত্তিত কৰাৰ পোষকতা মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, ১৩ জুলাই:"আপোনালোকৰ মনবিলাক ইতিবাচক কৰি লওক ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ সমস্যা এই বুমকেইটাত আছে ৷ জনসাধাৰণৰ কোনো ধৰণৰ সমস্যা নাই, সমষ্টি পুনৰ নিৰ্ধাৰণ জনসাধাৰণেতো ভালেই পাইছে ৷" এই মন্তব্য মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ।

বৃহস্পতিবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী শৰ্মায়ে সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্রত সমস্যা কেৱল সংবাদ মাধ্যমৰ 'বুম' কেইটাতেই সীমাবদ্ধ হৈ আছে বুলি সদৰী কৰে ৷ আনহাতে সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত সদৌ অসম ছাত্র সন্থা চমুকৈ আছুৱে কৰা মন্তব্যৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে সহমত প্ৰকাশ কৰে। আছুৱে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক আদৰণি জনাই ১৯৯১ চনৰ লোকপিয়লৰ ভিত্তিত সমষ্টি পুনৰ নিৰ্ধাৰণৰ পোষকতা কৰিছে। আছুৰ এই পোষকতাক সমৰ্থন জনাই মুখ্যমন্ত্রীয়ে কয় যে, তেওঁ এইটো হ'লে সবাতকৈ বেছি ভাল পালে হয়।

তেওঁ লগতে কয় যে সকলো অসমীয়াই উচ্চতম ন্যায়ালয় আবেদন জনাব লাগে যে ২০০১ৰ আধাৰত হৈছে ভাল কথা, কিন্তু ভৱিষ্যতে ১৯৯১ চন কৰিব লাগে। ইফালে চাউলৰ মূল্যবৃদ্ধিৰ প্ৰসংগত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রীয়ে কয় যে ৮৫ শতাংশ গাঁৱৰ মানুহক চাউল বিনামূলীয়াকৈ দিয়া হয়।

চাউলক লৈ কোনো সমস্যা নাই, সকলো দুখীয়া মানুহে চাউল বিনামূলীয়াকৈ লাভ কৰে। বজাৰত উপলব্ধ চাউল বেলেগ মানুহৰ বাবে বুলি মুখ্যমন্ত্রীয়ে সদৰী কৰে। গাঁৱৰ মানুহৰ ওচৰত চাউল বেছিকৈ আহে বাবে অলপ ওচৰৰ মানুহক বিক্ৰী কৰি দিয়ে।

গাঁৱত চাউলৰ দামক লৈ কোনো সমস্যা নাই বুলি সদৰী কৰি মুখ্যমন্ত্রীয়ে কয় যে, শাক-পাচলিৰ মূল্যবৃদ্ধিক লৈ সমস্যা আছে। প্ৰসংগ ক্ৰমে মুখ্যমন্ত্রীয়ে ওৱান নেচন, ওৱান ৰেচন কাৰ্ডৰ কথা উল্লেখ কৰে।

লগতে পঢ়ক:Himanta Biswa Sarma: আজমলৰ ইতিকিঙক অসমীয়া মানুহে অপমান হিচাপে ল'ব লাগে; মুখ্যমন্ত্রী

ABOUT THE AUTHOR

...view details