গুৱাহাটী, ৩০ নৱেম্বৰ : যােৰহাট চহৰৰ মাজমজিয়াৰ নির্মল চাৰিআলিত সােমবাৰে অনিমেষ ভূঞা নামৰ এজন যুৱকক বৰ্বৰভাৱে হত্যা কৰা হ'ল (Mob Lynching in Jorhat)। এই বৰ্বৰ ঘটনাকলৈ যোৰহাট জিলা উত্তাল হৈ থকাৰ লগতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । সকলোৱে এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে ।
এজন নিৰীহ যুৱকক বৰ্বৰভাৱে হত্যা কৰা ঘটনাকলৈ বিজেপিৰ ৰাজ্যিক যুৱ মৰ্চা(Yuva Morcha of Assam state Bjp)ই গভীৰ শােক প্রকাশ কৰাৰ লগতে এই ঘটনাক তীব্র ভাষাৰে গৰিহণা দিছে । বিজেপি যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাই মঙলবাৰে এখন সংবাদমেল সম্বোধন কৰি কয় যে, যােৰহাটৰ দৰে এখন সংস্কৃতিবান, ঐতিহ্যমণ্ডিত চহৰত এনে অমানৱীয় ঘটনা সংঘটিত হােৱাটো অতি দুভার্গ্যজনক ।