গুৱাহাটী,1 আগষ্ট: বজৰং দলৰ নেতৃত্বত মঙলদৈত মুকলিকৈ অস্ত্ৰ চালনাৰ প্ৰশিক্ষণ দিয়াৰ ঘটনাক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিভিন্ন দল-সংগঠনে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে । ইফালে বজৰং দলৰ এই কাৰ্যৰ একপ্ৰকাৰ সমৰ্থন কৰি ইয়াৰ সপক্ষে যুক্তি দাঙি ধৰিছে অসম চৰকাৰৰ এগৰাকী কেবিনেট মন্ত্রীয়ে ।
মন্ত্রী জয়ন্তমল্ল বৰুৱাই মন্দিৰ তথা ব্যক্তি সুৰক্ষাৰ বাবে এনে প্ৰশিক্ষণৰ প্ৰতি সংবাদ মাধ্যমৰ আগত যুক্তিযুক্ততা দাঙি ধৰিছে । মন্ত্রীগৰাকীৰ এনে মন্তব্যৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা । মন্ত্রী জয়ন্তমল্ল বৰুৱাৰ নাম উল্লেখ নকৰাকৈ মঙলবাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰি ভূপেন বৰাই কয়, ‘‘সংকটমোচন বজৰংবলীক সকলোৱে সদায়ে আৰাধ্য দেৱতা হিচাপে পূজা কৰি আহিছে । কিন্তু দেখা গৈছে যে বজৰংবলীৰ নাম লৈ ৰাজনৈতিক দলৰ শাখা সংগঠন এটাই সশস্ত্ৰ প্ৰশিক্ষণৰ কাম আৰম্ভ কৰিছে । এই ঘটনাই ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।’’
কিন্তু অসম চৰকাৰৰ এগৰাকী কেবিনেট মন্ত্রীয়ে অস্ত্র প্ৰশিক্ষণ মন্দিৰ আৰু নিজৰ সুৰক্ষাৰ বাবে প্ৰয়োজন আছে বুলি মতামত আগবঢ়াইছে বুলি কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে । সোমবাৰে বিহপুৰীয়াৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত সুৰক্ষাৰ বাবে বন্দুকৰ প্ৰশিক্ষণ লোৱাৰ প্ৰয়োজন আছে বুলি যুক্তি আগবঢ়াইছিল অসম চৰকাৰৰ মন্ত্রীগৰাকীয়ে ।