গুৱাহাটী, 23 জানুৱাৰী : নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ৷ একমাত্ৰ তালাচীৰ নামত নগাঁও আৰক্ষী শনিবাৰে নিশা গুলীয়াই আহত কৰিছিল কীৰ্তিকমল বৰা নামৰ ছাত্ৰ নেতাগৰাকীক (Student leader shot by police in Nagaon) ৷ তাৰ পিছৰে পৰা ৰাজ্যৰ সৰ্বত্ৰে আৰম্ভ হৈছে ব্যাপক চৰ্চা, প্ৰতিক্ৰিয়া ৷
ঘটনা সন্দৰ্ভত বিধায়ক গগৈয়ে কয় এনেদৰে- "কীৰ্তিকমল বৰাক যি ধৰণে আৰক্ষীয়ে গুলীয়ালে, এই ঘটনাই অসম আৰক্ষীৰ প্ৰকৃত স্বৰূপটো আকৌ পোহৰলৈ আনিলে ৷ যিকোনো সময়ত অভিযুক্তক গুলীয়াই দিয়া ঘটনা অসমৰ ইতিহাসত বিৰল ৷ মাথো অসমে নহয় ভাৰত আৰু পৃথিৱীৰ গণতন্ত্ৰতে বিৰল" ৷
প্ৰকৃতাৰ্থত বহ সময়ত বিভিন্নজনে অসম আৰক্ষীৰ এনকাউন্টাৰ কাৰ্যক সমৰ্থন কৰি আহিছে ৷ যাৰ বাবে এগৰাকী নিৰীহ ছাত্ৰ নেতাক গুলীয়াবলৈ নগাঁও আৰক্ষীয়ে সাহস পাইছে বুলিও অভিযোগ তোলে বিধায়কগৰাকীয়ে ৷ এই গুলীচালনাৰ ঘটনাক নিন্দা কৰি অনতিপলমে অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ দাবী উত্থাপন কৰে বিধায়ক অখিল গগৈয়ে ৷
তদুপৰি নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ শীঘ্ৰে পদত্যাগ দাবী কৰে ৷ গগৈয়ে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখন হিটলাৰৰাজ, জংঘলৰাজ আৰু হিন্দুবাদী চৰকাৰৰ জংঘলৰাজৰ নিদৰ্শন বুলিও কটাক্ষ কৰে ৷ যাক কোনো কাৰণতে মানি লোৱা নহয় ৷ তদুপৰি অসম আৰক্ষীৰ দ্বাৰা যাতে এনে কাণ্ডৰ পুনৰাবৃত্তি নঘটে, তাৰ প্ৰতি সষ্টম হ’বলৈও চৰকাৰক আহ্বান জনাই শিৱসাগৰৰ বিধায়কগৰাকীয়ে ৷