গুৱাহাটী,22 ফেব্ৰুৱাৰী :প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ অসম জাতীয় পৰিষদৰ ৷ এমাহৰ ভিতৰত তিনিবাৰকৈ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণে ৰাজ্যত যে বিজেপিৰ স্থিতি থৰক-বৰক তাৰ সূচনা কৰিছে ৷ প্ৰধানমন্ত্ৰী মোডীৰ ধেমাজি ভ্ৰমণৰ পিছতে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদে ৷ প্ৰধানমন্ত্ৰীক ২০১৪ আৰু ’১৬ ৰ প্ৰতিশ্ৰুতিসমূহ প্ৰথমে পূৰণ কৰিবলৈ আহ্বান জনাইছে এজেপিৰ নেতাসকলে ৷ সোমবাৰে অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়ত আয়োজন কৰা এক সংবাদমেলত অংশ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণক লৈ এইদৰেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে দলটোৰ সম্পাদক জগদীশ ভূঞাই ৷
সংবাদমেলৰ জৰিয়তে প্ৰধানমন্ত্ৰীক কটাক্ষ ভূঞাৰ-“মোডীৰ ভ্ৰমণৰ সময়ছোৱাত নতুন নতুন প্ৰতিশ্ৰুতি প্ৰদান কৰাটো অভ্যাসত পৰিণত হৈছে ৷ পূৰ্বৰ প্ৰতিশ্ৰুতিবোৰ পূৰণ নকৰাকৈ নতুন প্ৰতিশ্ৰুতিবোৰৰ মূল্য নাই ৷ ২০১৪ বৰ্ষৰ ১৬ মে’ ৰ পিছত বাংলাদেশী খেদাৰ সকলো প্ৰতিশ্ৰুতি ভুৱা হিচাপে বৰ্তমান পৰিগণিত হৈছে ৷ মোডীয়ে অসম চুক্তিৰ ৫ আৰু ৬ নং দফা কাৰ্যকৰী কৰিবলৈ কোনো দায়িত্ব নল’লে ৷