অসম

assam

ETV Bharat / state

Public Hearing on Delimitation : সমষ্টি পুনৰ নিৰ্ধাৰণ সাংবিধানিক প্ৰক্ৰিয়া; বিধায়ক আশ্ৰাফুল হুছেইন - সমষ্টি পুনৰ নিৰ্ধাৰণ সাংবিধানিক প্ৰক্ৰিয়া

এআইইউডিএফৰ বিধায়ক আশ্ৰাফুল হুছেইনে সংবাদ মাধ্যমৰ আগত কয় যে দলৰ স্থিতি ইতিমধ্যে প্ৰকাশ হৈছে । দলৰ স্থিতিত থাকিয়ে নিৰ্বাচন আয়োগৰ শুনানি লৈ অহা বুলিও তেওঁ কয় ।

Public Hearing on Delimitation
Public Hearing on Delimitation

By

Published : Jul 20, 2023, 2:06 PM IST

সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰতিক্ৰিয়া বিধায়ক আশ্ৰাফুল হুছেইনৰ

গুৱাহাটী, ২০ জুলাই : সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত নিৰ্বাচন আয়োগৰ দ্বিতীয়দিনাৰ শুনানিত অংশগ্ৰহণ কৰে চেঙা সমষ্টিৰ এআইইউডিএফৰ বিধায়ক আশ্ৰাফুল হুছেইনে । লক্ষণীয় বিষয় যে এআইইউডিএফ দলে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে প্ৰকাশ কৰা খচৰাৰ তীব্ৰ বিৰোধিতা কৰিছে । আনহাতে, এই ক্ষেত্রত ন্যায়ালয়ৰো দ্বাৰস্থ হৈছে । শুনানিত অংশগ্ৰহণ কৰা বিধায়ক আশ্ৰাফুল হুছেইনে সংবাদ মাধ্যমৰ আগত কয় যে দলৰ স্থিতি ইতিমধ্যে প্ৰকাশ হৈছে । দলৰ স্থিতিত থাকিয়ে নিৰ্বাচন আয়োগৰ শুনানি লৈ অহা বুলিও তেওঁ কয় ।

তেওঁ লগতে কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণ এটা সাংবিধানিক প্ৰক্ৰিয়া । এতিয়া এই প্ৰক্ৰিয়া আৰম্ভ হৈছে । ইয়াত যথেষ্ট সংশোধনীৰ প্ৰয়োজন আছে । বিজেপিয়ে অসমৰ ৰাইজক এই প্ৰক্ৰিয়াৰ দ্বাৰা পৰাজিত কৰিছে । দলৰ ইচ্ছ্যুসমূহক লৈয়ে তেওঁ অহা বুলি সদৰী কৰি কয় যে তেওঁৰ সমষ্টিৰ ক্ষেত্রত ব্যাপক খেলিমেলিৰ সৃষ্টি কৰা হৈছে । উল্লেখ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত বৃহস্পতিবাৰে পুৱা ৯.৩০ বজাৰ পৰা আৰম্ভ হৈছে দ্বিতীয়দিনাৰ শুনানি ।

নিৰ্বাচন আয়োগৰ দলটোৱে দিনৰ ২ বজালৈ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাগৃহত গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, নলবাৰী, শোণিতপুৰ আৰু কৰিমগঞ্জ জিলাৰ শুনানি গ্ৰহণ কৰিব । সমান্তৰালভাৱে দলটোৱে ৩ নং হলত দৰং, হাইলাকান্দি, কাছাৰ আৰু দক্ষিণ শালমাৰা জিলাৰ ওজৰ-আপত্তিৰ শুনানি গ্ৰহণ কৰিব । সেইদৰে শ্রীশ্রী মাধৱদেৱ প্ৰেক্ষাগৃহত নগাঁও, মৰিগাঁও আৰু ধুবুৰী জিলাৰ আবেদন সন্দৰ্ভত দলটোৱে শুনানি গ্রহণ কৰিব । তিনিটা স্থানত শুনানি গ্ৰহণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । নিৰ্বাচন আয়োগৰ দলটোৱে বৃহস্পতিবাৰে ১৩খন জিলাৰ চাৰি শতাধিক আবেদনৰ ওপৰত বিভিন্ন দল-সংগঠন আৰু ব্যক্তি বিশেষৰ শুনানি গ্ৰহণ কৰিব ।

উল্লেখ্য, জুন মাহত নিৰ্বাচন আয়োগে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত প্ৰস্তাৱ প্ৰকাশৰ পিছতে এই সন্দৰ্ভত অভিযোগ তথা পৰামৰ্শ বিচাৰি যোৱা ১১ জুলাইলৈকে আবেদন গ্ৰহণ কৰিছিল । এই আবেদনৰ ভিত্তিতে বুধবাৰৰ পৰা দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ নেতৃত্বত ৰাজহুৱা শুনানি গ্ৰহণ কৰা হৈছে । এই শুনানি শুকুৰবাৰলৈকে চলিব । উল্লেখ্য যে অসমত ১৯৭৬ চনৰ পিছত প্ৰথমবাৰৰ বাবে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হৈছে ।

লগতে পঢ়ক :Constituency Delimitation 2023: নিৰ্বাচন আয়োগৰ দ্বিতীয় দিনাৰ শুনানিত ১৩খন জিলাৰ চাৰি শতাধিক ওজৰ-আপত্তিৰ আবেদন

ABOUT THE AUTHOR

...view details