গুৱাহাটী, ৯ জুন: প্ৰাণৰ সংশয়ত ভুগিছে মহানগৰবাসী । যেনিয়েই যায় তেনিয়েই ৰাজপথত যমদুত সদৃশ গাঁত । কেতিয়া কোন মূহুৰ্তত প্ৰাণ হেৰুৱাবলগীয়া হয় মহানগৰীৰ সাধাৰণ জনতাই তাৰ কোনো ভৰষা নাই । স্মাৰ্ট মহানগৰীৰ ৰাজপথ তথা উপ-পথত চৰকাৰৰ মৰণফান্দ (Dangerous condition of road in Guwahati) ।
খোৱাপানীৰ পাইপ পোতাৰ নামত মহানগৰীৰ পথত জধে-মধে খন্দা গাঁতে কঢ়িয়াইছে বিপদ । বৃদ্ধি পাইছে দুৰ্ঘটনা, যান-জঁট । তৃষ্ণাতুৰ মহানগৰবাসীক পানী যোগান ধৰিব নোৱৰা জল ব'ৰ্ড-জাইকাই বিধ্বস্ত কৰিছে বাট-পথ (Potholes on Guwahati road) । পাতিছে মৰণফান্দ। এফালে চৰকাৰে উন্নয়নৰ নামত গুৱাহাটীক খান্দি, ভাঙি, চিৰি চূৰমাৰ কৰিছে আনহাতে জনতাক দিছে মৃত্যু উপহাৰ ৷ গুৱহাটীৰ প্ৰতিটো পথতেই এতিয়া জনতাৰ বাবে পতা হৈছে মৰণফান্দ ৷ গুৱাহাটীৰ যি পথেৰে এতিয়া যাব বিচাৰে তাতে দেখিব সৰু-বৰ গাঁত আৰু গাঁত ।
যাৰ পৰিপ্ৰেক্ষিতত প্ৰতিদিনেই সংঘটিত হৈছে ইটোৰ পাছত সিটোকৈ দুৰ্ঘটনা । পানী যোগানৰ নামত জলব'ৰ্ড কৰ্তৃপক্ষৰ চৰম মইমতালিৰ ফলত দুৰ্বিসহ হৈ পৰিছে সাধাৰণ জনতাৰ জীৱন । শংকিত হৈ পৰিছে গুৱাহাটী মহানগৰবাসী । গুৱাহাটী মহানগৰীৰ বাসিন্দাই এফালে দৈনিক খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে আনফালে পানী যোগানৰ আশ্বাস দি জলব'ৰ্ড কৰ্তৃপক্ষই এফালৰ পৰা খান্দি গৈছে মহানগৰীৰ বাট পথ (Reaction against the dangerous condition of road in Guwahati) ।
চৰম দায়িত্বজ্ঞানহীন জলব'ৰ্ড কৰ্তৃপক্ষই বহিৰাগত কোম্পানী জাপান ইণ্টাৰনেচনেল কৰ্পৰেচন এজেন্সি চমুকৈ জাইকাক দায়িত্ব দিছে খোৱাপানী যোগানৰ (JICA construction in Guwahati) । ইফালে জলব'ৰ্ডৰ চৰম দায়িত্বজ্ঞানহীনতাৰ পূৰ্ণ সুযোগ লৈ ঠিকাদাৰী প্ৰতিষ্ঠান জাইকাই নিজ মই ইমতালিৰে প্ৰতিটো বাট-পথ খান্দ পেলাইছে । মহানগৰীৰ প্ৰতিটো পথতে জি এছ ৰোড, মণিৰাম দেৱান পথ, গোপীনাথ বৰদলৈ পথ, ৰাধাগোবিন্দ বৰুৱা পথ, মাদাৰ টেৰেছা পথকে ধৰি মহানগৰীৰ প্ৰতিটো গুৰুত্বপূৰ্ণ পথতে এতিয়া বৃহৎ বৃহৎ গাঁত ।