অসম

assam

ETV Bharat / state

পুণৰ ৰ'পৱে সেৱা মুকলি, নিষিদ্ধ সাংবাদিকৰ প্ৰৱেশ - পুণৰ ৰ'পৱে সেৱা মুকলি, নিষিদ্ধ সাংবাদিকৰ প্ৰৱেশ

মুকলিৰ দুদিন পাচতে বন্ধ হৈ থকা গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰ'পৱে সেৱা সোমবাৰৰ পৰা পুনৰ মুকলি ৷ মুকলিৰ পাচতে ৰ'পৱেৰ আনন্দ উপভোগ কৰিবলৈ পাই উৎফুল্লিত জনতা ৷ কিন্তু বৰ্তমানো সাংবাদিকৰ প্ৰৱেশ নিষিদ্ধ এই সেৱাৰ বাবে ৷

ৰ'পৱে সেৱা
পুণৰ ৰ'পৱে সেৱা মুকলি, নিষিদ্ধ সাংবাদিকৰ প্ৰৱেশ

By

Published : Aug 31, 2020, 9:34 PM IST

গুৱাহাটী, 31 আগষ্টঃ সোমবাৰে পুৱাৰে পৰা মুকলি কৰি দিয়া হৈছে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰ'পৱে । মুকলিৰ দুদিন পাচতে বিকল হৈ পৰিছিল ৰ'পৱে সেৱা । ফলত বিগত বুধবাৰৰ পৰা বন্ধ কৰি ৰখা হৈছিল ৰ'পৱে সেৱা । যান্ত্ৰিক বিজুতিৰ ফলতেই বিকল হৈ পৰিছিল ৰ'পৱে সেৱা । ৫৬ কোটি টকা ব্যয়ৰে নিৰ্মিত ৰ'পৱে দুদিনতে বিকল হৈ পৰাৰ পিছত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৰাজ্যৰ ভিন্ন প্ৰান্তত । GMDAৰ গাফিলতিৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছিল ।

পুণৰ ৰ'পৱে সেৱা মুকলি, নিষিদ্ধ সাংবাদিকৰ প্ৰৱেশ

আনহাতে, সোমবাৰে ৰ'পৱে সেৱা মুকলি হোৱাৰ পাচতে মহানগৰীৰ বিভিন্ন প্ৰান্তৰ লোকে ৰ'পৱেৰ আমেজ ল'বলৈ আহে । প্ৰথমবাৰলৈ ৰ'পৱেৰ আনন্দ উপভোগ কৰিবলৈ পাই উৎফুল্লিত জনতা । যাত্ৰীৰ ভাষ্য অনুসৰি সোমবাৰেও হঠাৎ আধাতে বন্ধ হৈ পৰিছিল ৰ'পৱেৰ কেবিন । অৱশ্যে ১০-১৫ মিনিটৰ ভিতৰতে এই সমস্যা সমাধান কৰা হয় বুলিও জানিবলৈ দিয়ে যাত্ৰীসকলে । লক্ষণীয় যে, ৰ'পৱেৰ কেবিনত নাই কোনো সুৰক্ষাজনিত সামগ্ৰী ৷ যাৰ বাবে যাত্ৰীৰ সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দিবলৈ আহ্বান জনাই যাত্ৰীসকলে । উল্লেখযোগ্য যে, ৰাইজৰ বাবে ৰ'পৱে সেৱা মুকলি কৰিছে যদিও বৰ্তমানো সাংবাদিকৰ প্ৰৱেশ নিষিদ্ধ কৰি ৰখা হৈছে ।

লগতে পঢ়কঃ পৃথিৰাজ নাৰায়ণ মেচৰ বিৰুদ্ধে জাঙোৰ খাই উঠিল অবড়ো গণ সুৰক্ষা পাৰ্টি

ABOUT THE AUTHOR

...view details