অসম

assam

ETV Bharat / state

গল্পকাৰ অতনু ভট্টাচাৰ্যৰ ক্ষোভ ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ প্ৰতি - "বাৰ্তালাপ"

ইংৰাজী মাধ্যমৰ বিদ্যালয় সমূহত অসমীয়া ভাষা-সাহিত্যৰ প্ৰতি যিমান গুৰুত্ব দিব লাগিছিল সিমান গুৰুত্ব নিদিয়াৰ কথাটোৱেও অসমীয়া সাহিত্যক বহু পৰিমাণে ক্ষতি কৰিছেঃ অতনু ভট্টাচাৰ্য

অতনু ভট্টাচাৰ্যৰ ক্ষোভ ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ প্ৰতি

By

Published : Nov 8, 2019, 4:25 PM IST

Updated : Nov 8, 2019, 4:50 PM IST

গুৱাহাটী,৮ নৱেম্বৰ: সঁচাকৈয়ে অসমীয়া সাহিত্যৰ প্ৰতি বিভিন্নজনৰ অনীহা আহিছে নেকি ? যদি নহয় তেন্তে কিয় মাজে সময়ে শুনা যায় এনে অভিযোগ ? অসমীয়া গল্প সাহিত্য আৰু কাব্য জগতৰ এটা জনপ্ৰিয় নাম হ'ল অতনু ভট্টাচাৰ্য। অতনু ভট্টাচাৰ্যৰ গল্প যিয়ে এবাৰ হ'লেও পঢ়িছে তেওঁ কেতিয়াও পাহৰিব নোৱাৰে। তেওঁৰ সুকীয়া ৰচনা শৈলীয়ে পাঠক সমাজৰ মনত বিশেষ সাঁচ বহুৱাই আহিছে । উত্তৰ পূৱ গ্ৰন্থমেলাৰ বাকৰিত বৃহস্পতিবাৰে সন্ধিয়া ই-টিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ অনুষ্ঠানত অতিথি আছিল এই গৰাকী জনপ্ৰিয় কবি-গল্পকাৰ। অসমীয়া সাহিত্যৰ প্ৰতি অনীহা অহাৰ অভিযোগ সন্দৰ্ভত বহু কথাই কলে অতনু ভট্টাচাৰ্যই।

গল্পকাৰ অতনু ভট্টাচাৰ্যৰ সৈতে সাক্ষাৎকাৰ

"ওভটনি যাত্ৰা আৰু অন্যান্য" শীৰ্ষক প্ৰথমখন গল্প সংকলনৰে জনপ্ৰিয় হৈ পৰিছিল এইগৰাকী গল্পকাৰ ৷ তেওঁৰ অন্য তিনিখন জনপ্ৰিয় গল্প সংকলন হ'ল "নীলাৰ কাৰণে অলপ ভালপোৱা", "বৰষুণৰ চেতাৰ ",আৰু"চেঁকুৰ" । নব্বৈৰ দশকৰ তেওঁৰ কেইখনমান অতিকে জনপ্ৰিয় কাব্য সংকলনৰ হ'ল - "সহযোদ্ধা","অশ্লীল ৰাতিৰ কবিতা","জীৱনৰ ভগ্নাংশ",আৰু "প্ৰাপ্তি অপ্ৰাপ্তি""জীৱন আজীৱন" আৰু "সৃজনীমূলক সাহিত্য, প্ৰেৰণা আৰু আৰ্হি"ওতেখেতৰআন দুখন জনপ্ৰিয় গ্ৰন্থ। এই উত্তৰ পূৱ গ্ৰন্থমেলাতে তিনিটা খণ্ডত পাঠকৰ বাবে আহিব "বাৰ্তালাপ" শীৰ্ষক তেওঁৰ আন এখন।

অতনু ভট্টাচাৰ্যৰ ক্ষোভ ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ প্ৰতি

তেখেতৰ মতে ইংৰাজী মাধ্যমৰ বিদ্যালয় সমূহত অসমীয়া ভাষা-সাহিত্যৰ প্ৰতি যিমান গুৰুত্ব দিব লাগিছিল সিমান গুৰুত্ব নিদিয়াৰ কথাটোৱেও অসমীয়া সাহিত্যক বহু পৰিমাণে ক্ষতি কৰিছে ।

লগতে চাওকঃ ইতিহাসত আজিৰ দিনটো

Last Updated : Nov 8, 2019, 4:50 PM IST

ABOUT THE AUTHOR

...view details