গুৱাহাটী, 16 এপ্ৰিলঃঅখিল গগৈৰ বিৰুদ্ধে পুনৰ 1/2020 নম্বৰৰ আন এটি নতুন গোচৰ ৰুজু ৷ চান্দমাৰীৰ নিয়া'ৰ বিশেষ আদালতত ৰুজু কৰে গোচৰটি ৷
পুনৰ অখিল গগৈৰ বিৰুদ্ধে NIA আদালতত গোচৰ ৰুজু - গুৱাহাটী
মাওবাদী গোচৰত তথ্য প্ৰমাণ দাখিলত ব্যৰ্থ ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই অখিল গগৈৰ বিৰুদ্ধে পুনৰ নতুন গোচৰ ৰুজু কৰিলে ৷
'কা' বিৰোধী আন্দোলনত সংঘটিত হিংসাত্মক ঘটনাৰ সন্দৰ্ভত NIA য়ে অখিল গগৈ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিৰুদ্ধে চান্দমাৰীৰ NIA বিশেষ আদালতত আজি পুনৰ নতুন গোচৰত গ্ৰেপ্তাৰৰ বাবে আবেদন দাখিল কৰে। চাবুৱা থানাৰ 289/19 গোচৰত কাৰাবন্দী হৈ থকা গোচৰ ইতিমধ্যেই NIA আদালতলৈ হস্তান্তৰ কৰাৰ লগতে NIA আদালতত সেই গোচৰ ৰুজু কৰা হৈছে বুলি জানিবলৈ দিলে অধিবক্তা কৃষ্ণ গগৈয়ে। জানিব পৰা অনুসৰি মাওবাদী গোচৰত তথ্য প্ৰমাণ দাখিলত ব্যৰ্থ ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই পুনৰ নতুন গোচৰত গ্ৰেপ্তাৰ কৰি অখিল গগৈকে ধৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বক অনুসন্ধান চলাই থকা হৈছে । অখিল গগৈৰ সহিতে আটাইকেইজন কাৰাবন্দীক চলিত বৰ্ষৰ 23 এপ্ৰিলত হাজিৰ কৰোৱা হ'ব আদালতত ৷ লগতে কণ্ঠস্বৰ পৰীক্ষাৰ নমুনা NIA আদালতে এতিয়া ল'ব পাৰিব বুলিও জানিবলৈ দিলে অধিবক্তা কৃষ্ণ গগৈয়ে ।