অসম

assam

ETV Bharat / state

চৰকাৰৰ উদ্যোগত ডিব্ৰুগড়ৰ চৌকিদিঙী হ’ব ৰাভা দিৱস - Rava Divas to be held at chowkidingi

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ডিব্ৰুগড়ৰ চৌকিদিঙী খেলপথাৰত অনুষ্ঠিত কৰা হ’ব ৰাভা দিৱস (Rava Divas 2022) ৷ এই অনুষ্ঠানতে ২০২‍১ বৰ্ষৰ সাহিত্য, সংস্কৃতি, শান্তি, সম্বন্বয়, মহিলা সৱলীকৰণ আদিৰ বাবে সমাজ জীৱনত অনবদ্য অৱদান আগবঢ়োৱা বৰেণ্য ব্যক্তিৰ নামত উচৰ্গিত বঁটাসমূহ প্ৰদান কৰা হ’ব ৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই (Rava Divas to be held at chowkidingi in Dibrugarh) ।

অসম চৰকাৰৰ দ্বাৰা ডিব্ৰুগড়ৰ চৌকিদিঙী অনুষ্ঠিত কৰা হ’ব ৰাভা দিৱস
অসম চৰকাৰৰ দ্বাৰা ডিব্ৰুগড়ৰ চৌকিদিঙী অনুষ্ঠিত কৰা হ’ব ৰাভা দিৱস

By

Published : Jun 18, 2022, 9:03 PM IST

গুৱাহাটী, ১৮ জুন :অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ডিব্ৰুগড়ৰ চৌকিদিঙী খেলপথাৰত ২০ জুনত অনুষ্ঠিত কৰা হ’ব ৰাভা দিৱস (Rava Divas to be held at chowkidingi by initiative of Assam government)। ২০ জুনত প্ৰায় বিয়লি ৫:৩০ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত সাংস্কৃতিক সঞ্চালকালয়ৰ ২০২‍১ বৰ্ষৰ সাহিত্য, সংস্কৃতি, শান্তি, সম্বন্বয়, মহিলা সৱলীকৰণ আদিৰ বাবে সমাজ জীৱনত অনবদ্য অৱদান আগবঢ়োৱা বৰেণ্য ব্যক্তিসকলৰ নামত প্ৰৱৰ্তন হোৱা ৩ টা ৰাষ্ট্ৰীয় আৰু ৯ টা ৰাজ্যিক বঁটা প্ৰদান কৰা হ’ব ।

অসম চৰকাৰৰ দ্বাৰা ডিব্ৰুগড়ৰ চৌকিদিঙী অনুষ্ঠিত কৰা হ’ব ৰাভা দিৱস

শনিবাৰে এক সংবাদমেলযোগে এই কথা ঘোষণা কৰে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই । লগতে তেওঁ কয়, নৃত্য-পটীয়সী শাৰদী শইকীয়া আৰু চিত্ৰ-শিল্পী চন্দ্ৰকমল গগৈলৈ এইবৰ্ষৰ ‘‘বিষ্ণু ৰাভা বঁটা’’ প্ৰদান কৰা হ’ব । নাগালেণ্ডৰ লোক-সংস্কৃতিৰ গৱেষক ড৹ অনুংলা আয়াৰলৈ ‘‘কালীচৰণ ব্ৰহ্ম ৰাষ্ট্ৰীয় বঁটা’’, গৱেষক-পণ্ডিত ড৹ নৰেন কলিতালৈ ‘‘কৃষ্ণকান্ত সন্দিকৈ ৰাষ্ট্ৰীয় বঁটা’’ লোকতত্ত্ববিদ ড৹ অমলেন্দু ভট্টাচাৰ্যলৈ ‘‘আজান পীৰ ৰাষ্ট্ৰীয় বঁটা’’ প্ৰদান কৰা হ’ব ৷

ইয়াৰ লগতে বিশিষ্ট অভিনেত্ৰী মৃদুলা বৰুৱালৈ ‘‘পাৰ্ৱতি প্ৰসাদ বৰুৱা বঁটা’’, লেখিকা ইলা বৰগোহাঁইলৈ ‘‘অমলপ্ৰভা দাস বঁটা’’, লীলাৱতী কুশ্ৰেলৈ ‘‘চন্দ্ৰপ্ৰভা শইকীয়ানী বঁটা’’, ঔপন্যাসিক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীলৈ ‘‘মামণি ৰয়ছম গোস্বামী বঁটা’’ প্ৰদান কৰা হ’ব ৷

ইয়াৰ উপৰিও সাহিত্যিক ছবিলাল উপাধ্যায়লৈ ‘‘চৈয়দ আব্দুল মালিক বঁটা’’, অনাতাঁৰ শিল্পী-ঘোষক চৈয়দ ছাদুল্লালৈ ‘‘আহমদ আলী বাঁশকান্দি বঁটা’’, কবি বংশী বৰালৈ ‘‘গণেশ গগৈ বঁটা’’, সমাজ সেৱক হেমন্ত গোহাঁইলৈ ‘‘স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটা’’, নৃত্য-শিল্পী ননী বৰুৱালৈ ‘‘শোণিত কোঁৱৰ গজেন বৰুৱা বঁটা’’ এই অনুষ্ঠানতে প্ৰদান কৰা হ’ব বুলি উল্লেখ কৰে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই ।

সাংস্কৃতিক মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা অনুসৰি, ডিব্ৰুগড়ৰ চৌকিদিঙী খেলপথাৰত অনুষ্ঠিত এই অনুষ্ঠানত উল্লেখিত বঁটাসমূহ প্ৰদান কৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

লগতে পঢ়ক :কমলপুৰত বন্যাৰ্তৰ কাষত মুখ্যমন্ত্ৰী ড৹ শৰ্মা

ABOUT THE AUTHOR

...view details