অসম

assam

মাদাৰ বৃদ্ধাশ্ৰমত উপস্থিত হৈ আবেগিক অভিনেতা যতীন বৰা

By

Published : Oct 9, 2019, 9:37 PM IST

Updated : Oct 9, 2019, 11:14 PM IST

আইতা সকলেও বৃদ্ধাশ্ৰমত উপস্থিত শিল্পী তথা কলা-কুশলী সকলক গামোচা আৰু এখনকৈ স্মাৰক আগবঢ়াই আশীৰ্বাদ প্ৰদান কৰে

মাদাৰ বৃদ্ধাশ্ৰমত উপস্থিত হৈ আবেগিক অভিনেতা যতীন বৰা

গুৱাহাটী, 9 অক্টোবৰঃ গুৱাহাটীৰ হাটীগাঁৱস্থিত মাদাৰ বৃদ্ধাশ্ৰমত উপস্থিত ৰত্নাকৰ টীম ৷ শনিবাৰে বৃদ্ধাশ্ৰম খনত উপস্থিত হৈ বৃদ্ধাশ্ৰমৰ আইতা সকলৰ পৰা আশীৰ্বাদ লয় শিল্পী সকলে ৷ আইতা সকলেও বৃদ্ধাশ্ৰমত গামোচা আৰু এখনকৈ স্মাৰক আগবঢ়াই আশীৰ্বাদ প্ৰদান কৰে ৰত্নাকৰৰ সমূহ শিল্পী তথা কলা-কুশলীক । যতীন বৰাই ৰত্নাকৰ চাবলৈ আইতাসকলক অনুৰোধ কৰাৰ উপৰিও ছবিখনৰ প্ৰিমীয়াৰ চাবলৈ নিমন্ত্ৰণ জনাই ৷ ছবিখনত বৃদ্ধাশ্ৰমৰ কথা সুন্দৰকৈ উপস্থাপন কৰা হৈছে বুলি মন্তব্য কৰি আবেগিক হৈ পৰে প্ৰযোজক তথা ৰত্নাকৰৰ মুখ্য অভিনেতা যতীন বৰা ৷

ৰত্নাকৰ ছবিৰ অভিনেত্ৰী বৰষাৰাণী বিষয়া আৰু নিশিতা গোস্বামীয়ে বৃদ্ধাশ্ৰম খনৰ আইতা সকলৰ লগত গান-নাচ পৰিবেশন কৰি আনন্দ উল্লাস কৰা পৰিলক্ষিত হয় ৷ আইতা সকলেও কলা-কুশলী সকলক ওচৰত পাই আত্মহাৰা হৈ পৰে ৷

মাদাৰ বৃদ্ধাশ্ৰমত উপস্থিত হৈ আবেগিক অভিনেতা যতীন বৰা


উল্লেখ্য যে, বৃহস্পতিবাৰে চান্দমাৰি অভিযান্ত্ৰিক খেল পথাৰলৈ বাইক ৰেলীৰ আয়োজন কৰা হ'ব বুলি জনায় ৰত্নাকৰ কলা-কুশলীসকলে ৷ বাইক ৰেলীত ৰত্নাকৰ টীমৰ সমূহ কলা-কুশলী উপস্থিত থকাৰ লগতে ৰেলীত হেলমেট পৰিধান কৰি আহিবলৈ আহ্বান জনায় অংশগ্ৰহণকাৰী সকলক ।

Last Updated : Oct 9, 2019, 11:14 PM IST

ABOUT THE AUTHOR

...view details