গুৱাহাটী,11 ছেপ্টেম্বৰঃ অসমীয়া চলচ্চিত্ৰ উদ্যোগলৈ সুখবৰ ৷ জুবিনৰ কাঞ্চনজংঘাই দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি অৰ্জন কৰাৰ পিছত এতিয়া অক্টোবৰ মাহত মুক্তি পাবলৈ গৈ আছে যতীন বৰাৰ 'ৰত্নাকৰ' ৷ মহানগৰীত জোৰদাৰ প্ৰচাৰ অভিযান আৰম্ভ কৰিছে টীম ৰত্নাকৰে।
কাঞ্চনজংঘাৰ পিছত এতিয়া অসমত ৰত্নাকৰৰ জ্বৰ.. - টীম ৰত্নাকৰ
বুধবাৰে মহানগৰীৰ পাণ্ডু কলেজত উপস্থিত হয় টীম ৰত্নাকৰ ৷ যতীন বৰা ,নিশিতা গোস্বামীৰ সহিতে ছবিখনৰ প্ৰচাৰ চলাই ছবিখনৰ কলা-কুশলীসকলে ৷
কাঞ্চনজংঘাৰ পিছত এতিয়া অসমত ৰত্নাকৰৰ জ্বৰ
বুধবাৰে মহানগৰীৰ পাণ্ডু মহাবিদ্যালয়ত প্ৰচাৰ চলাই যতীন বৰাই। ১১ অক্টোবৰত মুক্তি লাভ কৰিবলগীয়া বিগ বাজেটৰ অসমীয়া ছবিখন সকলোকে চাবলৈ অনুৰোধ টীম 'ৰত্নাকৰে'ৰ। প্ৰচাৰ অভিযানত উপস্থিত থাকে অভিনেত্ৰী নিশিতা গোস্বামীৰ লগতে ছবিখনৰ কলা-কুশলীসকল। মহাবিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ উৎসাহ দেখি আপ্লুত হৈ পৰে অভিনেতা যতীন বৰা। যুৱপ্ৰজন্মৰ এনে উৎসাহে অসমীয়া ছবিজগতলৈ এক নতুন দিগন্তৰ সূচনা কৰিব বুলি আশাবাদী অভিনেতাগৰাকী । ইফালে মহাবিদ্যালয়ৰ উপৰিও বিভিন্ন ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠানত প্ৰচাৰ চলাব টীম 'ৰত্নাকৰে'।
Last Updated : Sep 11, 2019, 7:30 PM IST