অসম

assam

By

Published : Dec 31, 2019, 9:53 AM IST

Updated : Dec 31, 2019, 9:50 PM IST

ETV Bharat / state

সাহিত্য-সংস্কৃতিৰ চিৰসাধক ৰত্ন ওজা আৰু নাই

অসমবাসীক কন্দুৱাই চিৰনিদ্ৰাৰ কোলাত স্বনামধন্য লিখক, সাহিত্যিক ৰত্ন ওজা ৷ এইগৰাকী বৰেন্য ব্যক্তিৰ মৃত্যুত ৰাজ্যৰ বিভিন্ন মহল তথা ব্যক্তিয়ে শোক প্ৰকাশ কৰে ৷ কণ্ঠশিল্পী জুবিন গাৰ্গেও গভীৰ শোক প্ৰকাশ কৰে ৷

ratna ojaRatna Oja is no more
সাহিত্য-সংস্কৃতিৰ চিৰসাধক ৰত্ন ওজা আৰু নাই

গুৱাহাটী, 31 ডিচেম্বৰঃঅসমীয়া সাহিত্য-সংস্কৃতিৰ অবিৰত সাধক ৰত্ন ওজা আৰু নাই ৷ অসমবাসীক কন্দুৱাই চিৰনিদ্ৰাৰ কোলাত স্বনামধন্য লিখক, সাহিত্যিক ৰত্ন ওজা ৷ সোমবাৰে নিশা প্ৰায় 1 বজাত মহানগৰীৰ ইন্টাৰনেচনেল হাস্পতালত 89 বছৰত পৰলোক গমন ঘটে বিশিষ্ট সাহিত্যিকগৰাকীৰ ৷ তেওঁৰ মৃত্যুৱে মৰ্মাহত কৰিছে সমগ্ৰ ৰাজ্যবাসীক ৷ 1931 চনৰ 5 ডিচেম্বৰত জন্মগ্ৰহণ কৰা ৰত্ন ওজাই নিজৰ সাহিত্য-সংস্কৃতিত নিজৰ অনবদ্য অৱদানেৰে চিৰযুগমীয়া থৈ গ’ল অসমীয়া সাহিত্যজগতক ৷

তেওঁৰ ৰচিত কেইবাখনো নাটে কেইবাটাও সন্মান লাভ কৰিছে ৷ সাহিত্য-সংস্কৃতিৰ লগতে সাংবাদিকতাৰ ক্ষেত্ৰখনতো কৰ্মৰত হৈছিল ৰত্ন ওজা ৷ গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ তথা কেইবাখনো আগশাৰীৰ বাতৰি কাকততো কৰ্ম সম্পাদন কৰিছিল এইগৰাকী বহুমুখী প্ৰতিভাধাৰীয়ে ৷ তাৰোপৰি বঙাইগাঁও তথ্য আৰু জনসংযোগ বিভাগতো তেওঁ নিৰলস সেৱা আগবঢ়াইছিল ৷

সাহিত্য-সংস্কৃতিৰ চিৰসাধক ৰত্ন ওজা আৰু নাই

এইগৰাকী বৰেন্য ব্যক্তিৰ মৃত্যুত ৰাজ্যৰ বিভিন্ন মহল তথা ব্যক্তিয়ে শোক প্ৰকাশ কৰে ৷ অসম সাহিত্য সভাই শোক প্ৰকাশ কৰি উল্লেখ কৰে যে অসমৰ বৌদ্ধিক মহলক শূণ্য কৰি আকৌ এজন পুৰোধা মহান মনিষীক অসমে হেৰুৱালে৷ কণ্ঠশিল্পী জুবিন গাৰ্গেও গভীৰ শোক প্ৰকাশ কৰে ৷ আনহাতে কিছুদিন পূৰ্বেই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদত অংশগ্ৰহণ কৰিছিল তেওঁ তেতিয়া লগ পাইছিলো তেখেতক আৰু প্ৰকৃতিৰ নিয়ম মানিবই লাগিব বুলি তেওঁ উল্লেখ কৰে ৷ তেখেতৰ আত্মাৰ চিৰ শান্তি কামনা কৰি তেখেতৰ স্মৃতি আমাৰ মাজত যুগমীয়া হৈ ৰ’ব বুলি উল্লেখ কৰে জুবিন গাৰ্গে ৷

আৰু পঢ়কঃ ২০১৯ বৰ্ষটোৰ এটা উল্লেখযোগ্য ঘটনা এন আৰ চি

Last Updated : Dec 31, 2019, 9:50 PM IST

ABOUT THE AUTHOR

...view details