গুৱাহাটী,23 জুন: এইবেলি অনুষ্ঠিত নহ’ল মহানগৰীৰ মালিগাঁৱৰ ঐতিহ্যমণ্ডিত ৰথ যাত্ৰাৰ কাৰ্যসূচী । গুৱাহাটী মহানগৰীত ক্ৰমবৰ্ধমান কৰ’ণা মহামাৰীৰ ভয়াৱহতাৰ বাবে বাতিল কৰা হৈছে ৭০ বৰ্ষীয় ৰথ যাত্ৰাৰ সকলো ৰাজহুৱা কাৰ্যসূচী । দেশৰ বিভিন্ন প্ৰান্তৰ ভক্তৰে উখল-মাখল হৈ থকা পৰিৱেশ আজি পৰিলক্ষিত নহ’ল মালিগাঁৱৰ ৰেষ্টকেম্প কালীবাৰীত ।
কৰ’ণাতংক:অনুষ্ঠিত নহ’ল মালিগাঁৱৰ ঐতিহ্যমণ্ডিত ৰথ যাত্ৰা - kalibari Maligaon
ঐতিহ্যমণ্ডিত ওড়িশাৰ পুৰীৰ ৰথ যাত্ৰাৰ লগত সংগতি ৰাখি প্ৰতিবছৰে মহানগৰীৰ মালিগাঁৱত পালন কৰা হয় ৰথ যাত্ৰাৰ কাৰ্যসূচী ৷ এইবেলি 70 বছৰত ভৰি দিয়া উক্ত কাৰ্যসূচী বাতিল কৰা হৈছে কৰ’ণা ভাইৰাছৰ বাবে ৷ শেহতীয়াকৈ মহানগৰীত ব্যাপক হাৰত বৃদ্ধি পাইছে কৰ’ণা ৰোগীৰ সংখ্যা ৷
![কৰ’ণাতংক:অনুষ্ঠিত নহ’ল মালিগাঁৱৰ ঐতিহ্যমণ্ডিত ৰথ যাত্ৰা Rath yatra cancel due to increases Covid 19 at guwahati kamrup metro assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7734563-thumbnail-3x2-a.jpg)
ৰথ যাত্ৰা বাতিল
অনুষ্ঠিত নহ’ল মালিগাঁৱৰ ঐতিহ্যমণ্ডিত ৰথ যাত্ৰা
ইয়াৰ বিপৰীতে মন্দিৰ প্ৰাংগনত মাত্ৰ এগৰাকী পুৰোহিত আৰু সমিতিৰ বিষয়-ববীয়াৰ উপস্থিতিত অনুষ্টুপীয়াকৈ সম্পন্ন কৰা হৈছে ধৰ্মীয় ৰীতি-নীতি । কিন্তু ভক্তৰ বাবে সম্পূৰ্ণৰূপে বন্ধ ৰখা হৈছে মন্দিৰ চৌহদ । উল্লেখ্য যে, 1950 চনৰ পৰা পৰম্পৰাগতভাৱে মালিগাঁৱবাসীয়ে আয়োজন কৰি আহিছিল ৰথ যাত্ৰাৰ । কিন্তু কৰ’ণাসৃষ্ট পৰিৱেশৰ বাবে এনেদৰে এইবেলি উকা হৈ পৰে মালিগাঁৱৰ ৰথ যাত্ৰাস্থলী ।