গুৱাহাটী,২২ জানুৱাৰী : ৰাজ্যত সম্প্ৰতি ক'ভিডৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে । প্ৰায় প্ৰতিখন জিলাতে ক'ভিডৰ দ্ৰুত সংক্ৰমণে শংকিত কৰি ৰাখিছে ৰাজ্যবাসীক । কিন্তু অতি শীঘ্ৰে ক'ভিডৰ এই দ্ৰুত সংক্ৰমণ হ্ৰাস হ'ব (Rapid covid infection will reduce soon)। এই মন্তব্য গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক অভিজিৎ শৰ্মাৰ ।
শনিবাৰে সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰাৰ লগতে তেওঁ কয় যে প্ৰতিষেধক লোৱা ব্যক্তিসকলৰ বাবে চিন্তাৰ বিশেষ কাৰণ নাই; কিন্তু নোলোৱাসকলৰ বাবে ক'ভিডৰ এই তৃতীয় ঢৌ কিছু জটিল হোৱাৰ সম্ভাৱনা আছে । ইফালে বজাৰত উপলব্ধ সকলো মাস্কে ক'ভিড প্ৰতিৰোধ কৰিব নোৱাৰে বুলিও মন্তব্য কৰে অধীক্ষকগৰাকীয়ে । সেয়েহে ৬ টা আৱৰণযুক্ত এন-৯৫ (N95) মাস্ক পিন্ধিবলৈ ৰাইজক আহ্বান জনায় অধীক্ষক অভিজিৎ শৰ্মাই । আনহাতে মাস্ক নাকৰ তলত পৰিধান কৰিলে অথবা সামাজিক দূৰত্ব মানি নচলিলে ক'ভিডক ৰোধ কৰা কঠিন হ'ব বুলিও উল্লেখ কৰে অভিজিৎ শৰ্মাই ।