অসম

assam

ETV Bharat / state

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বেতকুছিৰ কাৰ্যালয়ত মন্ত্রী ৰণজিৎ কুমাৰ দাস - জনস্বাস্থ্য কাৰিকৰী বিভাগ

পানী আৰু অনাময় সহায়ক সংস্থাৰ (Water and Sanitation Support Organisation) পণ্যাগাৰটো বুধবাৰে পৰিদৰ্শন কৰে বিভাগীয় মন্ত্রী ৰণজিৎ কুমাৰ দাসে । সংস্থাটোৰ অধীনৰ বিভিন্ন কাম-কাজৰ স্থিতি আৰু অগ্ৰগতি সন্দৰ্ভত মন্ত্রীগৰাকীয়ে বুজ লয় । ইফালে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীস্থিত অসম ভৱনৰ পৰা 'জল জীৱন মিছন'ৰ সন্দৰ্ভত এক পৰ্যালোচনা বৈঠক সম্বোধন কৰে ।

office of Water and Sanitation Support Organisation
জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বেতকুছিৰ কাৰ্যালয়ত মন্ত্রী ৰণজিৎ কুমাৰ দাস

By

Published : Dec 8, 2021, 10:06 PM IST

গুৱাহাটী, ৮ ডিচেম্বৰ : জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গুৱাহাটীৰ বেতকুছিস্থিত কাৰ্যালয়ৰ পানী আৰু অনাময় সহায়ক সংস্থাৰ (Water and Sanitation Support Organisation)পণ্যাগাৰটো বুধবাৰে পৰিদৰ্শন কৰে বিভাগীয় মন্ত্রী ৰণজিৎ কুমাৰ দাসে । সংস্থাটোৰ অধীনৰ বিভিন্ন কাম-কাজৰ স্থিতি আৰু অগ্ৰগতি সন্দৰ্ভত মন্ত্রীগৰাকীয়ে বুজ লয় ।

উল্লেখ্য যে, পানী আৰু অনাময় সহায়ক সংস্থাটোৱে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত জল জীৱন মিছনে গ্ৰামাঞ্চলত প্ৰদান কৰি থকা পানী যোগান আঁচনি সমূহৰ খোৱা পানীৰ গুণগত মানদণ্ড পৰীক্ষণ কৰাৰ উপৰি পৰীক্ষাগাৰৰ আন্তঃগাঁথনি উন্নয়নৰ চোৱাচিতা কৰে । তদুপৰি এই সংস্থাই বহুকেইটা গুৰুত্বপূৰ্ণ কাম-কাজৰ নিৰীক্ষণ কৰে । এই বিষয়তে মন্ত্রীগৰাকীয়ে বিভাগীয় বিষয়াসকলৰে এক আলোচনাত মিলিত হয় ।

এই পৰিদৰ্শন কালত সংস্থাৰ বিষয়াসকলৰ পৰা কাম-কাজৰ বুজ লোৱাৰ লগতে পৰীক্ষাগাৰত পানীৰ মানদণ্ডৰ পৰীক্ষণ সন্দৰ্ভতো মন্ত্রীগৰাকীয়ে বুজ লয় ।

'জল জীৱন মিছন'ৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা বৈঠক

ইফালে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীস্থিত অসম ভৱনৰ পৰা 'জল জীৱন মিছন'ৰ সন্দৰ্ভত এক পৰ্যালোচনা বৈঠক সম্বোধন কৰে(Himanta addressed a review meeting on jal jeevan mission) । ভিডিঅ' কনফাৰেন্স যোগে অনুষ্ঠিত হোৱা এই পৰ্যালোচনা বৈঠকত মন্ত্রী ৰণজিৎ দাসৰ সৈতে জিলা উপায়ুক্ত সকল আৰু বিভাগীয় অভিযন্তা সকলৰ লগতে সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে ।

'জল জীৱন মিছন'ৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা বৈঠক

লগতে পঢ়ক:CDS Gen Bipin Rawat chopper crash : কোন আছিল জেনেৰেল বিপিন ৰাৱাট ?

জল জীৱন মিছনে গ্ৰামাঞ্চলৰ প্ৰতি ঘৰে ঘৰে খোৱাপানীৰ টেপ সংযোগ প্ৰদান কৰি আহিছে ৷ বিগত নৱেম্বৰ মাহকে প্ৰমুখ্য কৰি বৰ্তমানলৈকে প্ৰদান কৰা সৰ্বমুঠ টেপ সংযোগৰ বিষয়ে মন্ত্রীগৰাকীয়ে মুখ্যমন্ত্ৰীক অৱগত কৰে । লগতে আগন্তুক দিনৰ পৰিকল্পনা আৰু অগ্ৰগতি সন্দৰ্ভতো আলোকপাত কৰে (implementation of jal jeevan mission) ।

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বেতকুছিৰ কাৰ্যালয়ত মন্ত্রী ৰণজিৎ কুমাৰ দাস

আনহাতে, মন্ত্রীগৰাকীয়ে একেটা চৌহদতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অন্তৰ্গত পানী আৰু অনাময় সমিতিয়ে আয়োজন কৰা 'ঋতুস্ৰাৱ স্বাস্থ্য উদ্যোগ শিক্ষকৰ প্ৰশিক্ষণ' (Menstrual Health Initiative Teacher's training programme) কাৰ্যসূচীত অংশগ্ৰহণ কৰে । মহিলা সকলৰ ঋতুস্ৰাৱ সম্পৰ্কীয় এই সজাগতা সভাখনিত মহিলাসকলে ল'বলগীয়া সাৱধানতাৰ সম্পৰ্কত আলোচনা কৰা হয় ।

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বেতকুছিৰ কাৰ্যালয়ত মন্ত্রী ৰণজিৎ কুমাৰ দাস

মন্ত্রীগৰাকীয়ে উল্লেখ কৰে যে, দুৰ্ভাগ্যজনক কথা যে সাম্প্ৰতিক সময়তো একাংশ ব্যক্তিৰ বাবে ঋতুস্ৰাৱ এক অস্পৃশ্য বিষয় । গতিকে এনে ক্ষেত্ৰত এই সজাগতামূলক পদক্ষেপৰ দ্বাৰা ৰাইজৰ মাজত সজাগ-সচেতনতাৰ বৃদ্ধি কৰিব পৰা যাব বুলি তেওঁ উল্লেখ কৰে । মন্ত্রীগৰাকীয়ে আশা প্ৰকাশ কৰে যে, এই অস্পৃশ্য বিষয়টো সমাজৰ পৰা অতি সোনকালে আঁতৰি যাব আৰু অনাগত দিনত ঋতুস্ৰাৱক প্ৰত্যেকেই প্ৰাকৃতিকভাৱে আঁকোৱালি ল'ব । দুয়োটা কাৰ্যসূচীতে বিভাগীয় বিষয়াসকল উপস্থিত আছিল ।

লগতে পঢ়ক:Land grabbing allegation: মুখ্যমন্ত্ৰীৰ পত্নীৰ কোম্পানীৰ বিৰুদ্ধে তদন্তৰ দাবী ৰাইজৰ দলৰ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details