উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিচত ৰণজিৎ দাসৰ প্ৰথম প্ৰতিক্ৰিয়া - ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাস
ই টি ভি ভাৰতৰ সাংবাদিকৰ টেলিফোনিক সাক্ষাৎকাৰত কি ক'লে ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাসে....
![উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিচত ৰণজিৎ দাসৰ প্ৰথম প্ৰতিক্ৰিয়া Ranjit das reaction on hight court order](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5412770-thumbnail-3x2-a.jpg)
গুৱাহাটী, ১৮ ডিচেম্বৰঃনাগৰিকত্ব সংশোধনী আইন বাতিলৰ বাবে উচ্চতম ন্যায়ালয়ত দাখিল হোৱা আবেদনৰ শুনানি গ্ৰহণ কৰি বুধবাৰে সৰ্বোচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক আইনখনৰ বিধি প্ৰস্তুতৰ ক্ষেত্ৰত নিৰ্দেশ জাৰি কৰাৰ পিচতে এই ক্ষেত্ৰত প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাসে। ই টি ভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক গৌতম বৰুৱাৰ সৈতে হোৱা এক টেলিফোনিক কথোপকথনত ৰণজিৎ দাসে কয় যে,"আইনখনৰ বৈধতা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে যি ৰায়ে নিদিয়ক বিজেপিয়ে তাক শ্ৰদ্ধা সহকাৰে মানি ল'ব । " পূৰ্বৰ আই এম ডি টি আইনৰ প্ৰসংগ টানি আনি সভাপতি গৰাকীয়ে কয় যে, এটা সময়ত সেই আইনখন বাতিলৰ বাবেও উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছিল । যদি এইবাৰো নাগৰিকত্ব সংশোধনী আইন বাতিলৰ বাবে সৰ্বোচ্চ ন্যায়ালয়ে ৰায়দান কৰে তেন্তে তাক বিজেপিয়ে স্বীকাৰ কৰি ল'ব নে নাই সেই বিষয়ে প্ৰশ্ন কৰাত ৰণজিৎ দাসে কয় যে," বিজেপিয়ে সদায়েই ভাৰতীয় সংবিধান আৰু গণতান্ত্ৰিক মূল্যবোধক শ্ৰদ্ধা কৰি আহিছে আৰু উচ্চতম ন্যায়ালয়ে যি নিৰ্দেশ দিয়ে তাকে দলে স্বীকাৰ কৰি ল'ব ।"