অসম

assam

ETV Bharat / state

টেট শিক্ষকৰ দাবী ন্যায্য দাবীঃ ৰঞ্জিত কুমাৰ দাস

কলেজৰ অধ্যাপকে যদি নেট-শ্লেট উত্তীৰ্ণ হোৱা পাচত পুনৰ পৰীক্ষা দিবলগীয়া নহয় তেন্তে টেট শিক্ষকে পুনৰ কিয় পৰীক্ষা দিব লাগে বুলি প্ৰশ্ন উত্থাপন কৰে বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে ৷ আনহাতে, টেট শিক্ষকৰ প্ৰসংগত মুখ্যমন্ত্ৰী সোণোৱাল আৰু সভাপতি ৰঞ্জিত দাসে ইতিমধ্যে কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন দপ্তৰৰ মন্ত্ৰীৰ সৈতে আলোচনা কৰিছে বুলিও মন্তব্য কৰে সভাপতি গৰাকীয়ে ৷

টেট শিক্ষকৰ দাবী ন্যায্য দাবীঃ ৰঞ্জিত কুমাৰ দাস

By

Published : Jul 1, 2019, 8:15 PM IST

গুৱাহাটী, 1 জুলাইঃ টেট শিক্ষক সম্পৰ্কে এক গুৰুত্বপূৰ্ণ মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ ৷ টেট শিক্ষকসকলৰ দাবী সম্পূৰ্ণ ন্যায্য দাবী বুলি মন্তব্য কৰে সৰভোগৰ বিধায়ক তথা বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে ৷ লগতে সভাপতি গৰাকীয়ে কয়, কলেজৰ অধ্যাপকে যদি নেট-শ্লেট উত্তীৰ্ণ হোৱা পাচত পুনৰ পৰীক্ষা দিবলগীয়া নহয় তেন্তে টেট শিক্ষকে পুনৰ কিয় পৰীক্ষা দিব লাগে বুলি প্ৰশ্ন উত্থাপন কৰে ৰঞ্জিত কুমাৰ দাসে ৷ আনহাতে, টেট শিক্ষকৰ প্ৰসংগত মুখ্যমন্ত্ৰী সোণোৱাল আৰু সভাপতি ৰঞ্জিত দাসে ইতিমধ্যে কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন দপ্তৰৰ মন্ত্ৰীৰ সৈতে আলোচনা কৰা হৈছে বুলিও মন্তব্য কৰে সভাপতি গৰাকীয়ে । টেটৰ বিষটো কেন্দ্ৰ চৰকাৰৰ লগত জড়িত । আৰ টি আইনখন সংশোধন কৰিব লাগিব । আইনখন সংশোধন কৰি হ'লেও টেট শিক্ষকৰ সমস্যা সমাধান কৰাৰ পোষকতা ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ ।

টেট শিক্ষকৰ দাবী ন্যায্য দাবীঃ ৰঞ্জিত কুমাৰ দাস

ABOUT THE AUTHOR

...view details