গুৱাহাটী, 2 জানুৱাৰীঃবৃহস্পতিবাৰে গড়কাপ্তানী বিভাগৰ প্ৰেক্ষাগৃহত এক সংবাদমেল সম্বোধন কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ৷তেওঁ কয়, আজি এক ধূসৰিত পৰিৱেশত অসমৰ ৰাইজে বসবাস কৰিবলগীয়া হৈছে ৷ যিটো কেৱল অসমবাসীৰ নজনাৰ কাৰণ আৰু একাংশ লোকৰ বিভিন্ন বিভ্ৰান্তিমূলক কথাৰ বাবে ৷ ইয়াৰ লগতে তেওঁ কয়, সৰ্বানন্দ সোণোৱাল চৰকাৰ থকালৈকে এজনো বিদেশী অসমত থাকিব নোৱাৰে ৷
আজি এক ধূসৰিত পৰিৱেশত অসমৰ ৰাইজে বসবাস কৰিব লগীয়া হৈছে- ৰঞ্জিত দাস কংগ্ৰেছ দলে জাপি দিয়া বোজা আজি অসমে সহিবলগীয়া হৈছে ৷ কিন্তু সেই কংগ্ৰেছ দলে আৰু কমিউনিষ্টসকলে আজি চল চাই কঠীয়া পৰাৰ দৰে সেই সময়ৰ গণ শত্ৰুৱে বৰ্তমান গণ মিত্ৰৰ ভূমিকা ল'বলৈ প্ৰচেষ্টা চলাইছে বুলিও উল্লেখ কৰে বিজেপিৰ সভাপতি গৰাকীয়ে ৷
কংগ্ৰেছ দলে জাপি দিয়া বোজা আজি সহিব লগীয়া হৈছে- ৰঞ্জিত দাস ভাৰতবৰ্ষত দশকে দশকে বসবাস কৰি থকা শৰণাৰ্থীসকলৰ বাবে বিহীত ব্যৱস্থা লোৱাটো বিজেপিৰ পূৰ্ব প্ৰতিশ্ৰুতি আছিল ৷ বিজেপিয়ে আগন্তুক দিনত অসমীয়া ভাষা ৰক্ষাৰ বাবে কৰণীয়খিনি সম্পূৰ্ণ কৰিব লাগিব ৷ বিজেপিৰ বিশ্বাস যে, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সংবিধান সংশোধন কৰি হ'লেও অসমীয়া ভাষাক যুগ-যুগান্তৰৰ বাবে অসমৰ ৰাজ্য ভাষা হৈ থকাৰ বাবে ব্যৱস্থা ল'ব ৷
ভাৰতবৰ্ষত থকা শৰণাৰ্থী সকলৰ বাবে বিহীত ব্যৱস্থা লোৱাটো বিজেপিৰ পূৰ্ব প্ৰতিশ্ৰুতি- ৰঞ্জিত দাস অসমীয়া ভাষা ৰক্ষাৰ বাবে কৰণীয়খিনি সম্পূৰ্ণ কৰিব- ৰঞ্জিত দাস ৰঞ্জিত দাসে লগতে কয় যে, চাবুৱা কাণ্ডত কংগ্ৰেছী সদস্য, মাওবাদী আৰু কৃষক মুক্তি মৰ্চাৰ লোক জড়িত আছে ৷
চাবুৱা কাণ্ডত কংগ্ৰেছী সদস্য, মাওবাদী আৰু কৃষক মুক্তি মৰ্চাৰ লোক জড়িত আছিল- ৰঞ্জিত দাস সংবাদমেলত উপস্থিত থাকে সাংসদ দিলীপ শইকীয়াও ৷ তেওঁ কয় যে, তেওঁলোকে যেনেদৰে ৰাইজক সচেতন কৰিব লাগিছিল তেনেদৰে হয়তো নকৰিলে ৷ সেয়ে অপপ্ৰচাৰে মূল কথাখিনি ঢাকি ৰাখিলে ৷
সংবাদমেলত উপস্থিত থাকে সাংসদ দিলীপ শইকীয়াইয়ো প্ৰকাশ কৰে নিজ মন্তব্য