গুৱাহাটী,18মেঃ বিজেপিৰ বিতৰ্কিত বিধায়ক শিলাদিত্য দেৱে যোৱা কেইদিন মানৰ আগতে সংবাদ মেল সন্মোধন কৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ব্যাপক দুৰ্নীতিৰ গুৰুত্বৰ অভিযোগ আনিছিল। শাসক দলৰে বিধায়কে হৈ এইদৰে দুৰ্নীতিৰ অভিযোগ অনাৰ পাছত বিষয়টোৱে যোৱা কেইদিন মান ধৰি সংবাদ মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে।
শিলাদিত্য দেৱৰ বিস্ফোৰক অভিযোগৰ তদন্ত কৰিব ৰাজ্যিক বিজেপিয়ে - হিমন্ত বিশ্ব
শিলাদিত্য অসন্তুষ্টিৰ সন্দৰ্ভত দিলীপ শইকীয়াৰ নেতৃত্বত তদন্ত সমিতি গঠনঃ ৰঞ্জিত দাস
সোমবাৰে এক সংবাদ মেলত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়,'আমি শিলাদিত্য দেৱৰ অসন্তুষ্টিৰ বিষয়ে অবগত হৈছোঁ। এই সন্দৰ্ভত তেওঁ প্ৰথমে মুখ্যমন্ত্ৰী অথবা দলৰ সভাপতিক জনোৱাৰ অৱকাশ আছিল ৷ আমি তেওঁৰ এই অসন্তুষ্টিৰ বিষয়ে যোৱা কালি আমি মুখ্যমন্ত্ৰী , নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা আৰু ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ কুমাৰ শইকীয়াৰ সৈতে আলোচনাত মিলিত হৈছোঁ। ইতিমধ্যে এই সন্দৰ্ভত দিলীপ শইকীয়াৰ নেতৃত্বত এখন তদন্ত সমিতি গঠন কৰি সমগ্ৰ বিষয়টোৰ উচিত তদন্ত কৰা হব বুলি দাসে সদৰি কৰে ৷
লগতে পঢ়কঃ আৰম্ভ লক ডাউন4.0, আমিনগাঁওৰ বজাৰত গ্ৰাহকৰ ভিৰ