অসম

assam

মিত্ৰ বিধায়কৰ সৈতে এসাঁজ খালে মন্ত্ৰী ৰণজিৎ দাসে

By

Published : Jun 21, 2021, 8:51 PM IST

প্ৰথমগৰাকী কেবিনেট মন্ত্ৰী হিচাপে মিত্ৰ বিধায়কৰ সৈতে দিছপুৰৰ চৰকাৰী বাসগৃহত ভোজমেল তথা একেখন টেবুলতে আহাৰ গ্ৰহণ কৰে মন্ত্ৰী ৰণজিৎ দাসে ৷ এই ভোজমেলত উপস্থিত থাকে মিত্ৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, পদ্ম হাজৰিকা আৰু অতুল বৰা ৷

Cabinet Minister Ranjit Das
মিত্ৰ বিধায়কৰ সৈতে এসাঁজ খালে মন্ত্ৰী ৰণজিৎ দাসে

গুৱাহাটী, ২১ জুন : সোমবাৰে অসমৰ চৰকাৰৰ প্ৰথমগৰাকী কেবিনেট মন্ত্ৰী হিচাপে মিত্ৰ বিধায়কৰ সৈতে ভোজমেল তথা একেখন টেবুলতে আহাৰ গ্ৰহণ কৰে মন্ত্ৰী ৰণজিৎ দাসে ৷ এই ভোজমেলত উপস্থিত থাকে মিত্ৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, পদ্ম হাজৰিকা আৰু অতুল বৰা ৷ আটাইকেইজন মিত্ৰ বিধায়কৰ লগত একেলগে আহাৰ গ্ৰহণ কৰাৰ লগতে বিভিন্ন চৰকাৰী কাম-কাজৰ বিষয়ে আলোচনা কৰে মন্ত্ৰী গৰাকীয়ে ৷

উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিয়ে গুজৰাটৰ আৰ্হিত ৰাজ্য পৰিচালনা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ সেইমৰ্মে এক নিৰ্দেশনা জাৰি কৰি একোজন কেবিনেট মন্ত্ৰীৰ সৈতে তিনি-চাৰিজনীয়া বিধায়ক এটা দল গঠন কৰি দিছিল ৷ লগতে মাহটোৰ প্ৰতিটো দ্বিতীয় আৰু চতুৰ্থ মঙলবাৰে সংশ্লিষ্ট মন্ত্ৰীসকলে নিজা নিজা ঘৰত নৈশ ভোজৰ আয়োজন কৰাৰ কথা উল্লেখ কৰা হৈছিল নিৰ্দেশনাটোত ৷

মিত্ৰ বিধায়কৰ সৈতে এসাঁজ খালে মন্ত্ৰী ৰণজিৎ দাসে

কেবিনেট মন্ত্ৰীসকলে নিজা ঘৰত আয়োজন কৰা এই ভোজমেললৈ নিজ গোটৰ বিধায়কসকলক আমন্ত্ৰণ জনাব লাগিব ৷ ইয়াৰ লগতে চৰকাৰৰ বিভিন্ন কাম-কাজৰ ওপৰত আলোচনা কৰিব লাগিব ৷ লগতে সেইসমূহৰ এক টোকা প্ৰতিগৰাকী মন্ত্ৰীয়ে বুধবৰীয়া কেবিনেট বৈঠকৰ পিছত মুখ্যমন্ত্ৰীৰ হাতত দাখিল কৰিবলৈ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷

মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশৰ পাচতে নিৰ্ধাৰিত বাৰতকৈ এদিন পূৰ্বে অৰ্থাৎ সোমবাৰে মিত্ৰ বিধায়কসকলৰ সৈতে ভোজমেলৰ আয়োজন কৰে মন্ত্ৰী ৰণজিৎ দাসে ৷ ৰণজিৎ দাসে দিছপুৰৰ চৰকাৰী বাসগৃহত আয়োজন কৰে এই ভোজমেলৰ ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা মানি আন আন বিধায়কসকলেও এই কাৰ্যসূচী অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক: অসম মেঘালয়-সীমান্তত আন এক সেউজ বিপ্লৱ

ABOUT THE AUTHOR

...view details