ৰঙিয়া, ৮ মাৰ্চ: ভগ্ন মথাউৰি নিৰ্মাণৰ দাবীত ৰঙিয়াৰ বগৰীবাৰীত প্ৰতিবাদত নামিল ছাত্র মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মী আৰু স্থানীয় ৰাইজ । পুঠিমাৰী নৈৰ বানে বিধ্বস্ত কৰিছিল বগৰীবাৰীৰ মথাউৰিটো । প্ৰায় ৮ মাহ পূৰ্বে জলসম্পদ বিভাগে মথাউৰি নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল যদিও আজি পৰ্যন্ত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহ'ল ।
বাৰিষা পুনৰ বানে সমগ্ৰ অঞ্চল প্লাবিত কৰিব বুলি শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ । সেয়ে, সোমবাৰে জলসম্পদ বিভাগ আৰু জলসিঞ্চন মন্ত্ৰী তথা স্থানীয় বিধায়ক ভৱেশ কলিতাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ছাত্র মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মী আৰু স্থানীয় ৰাইজে ।
বগৰীবাৰীত ছাত্র মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ ভগ্ন মথাউৰি নিৰ্মাণৰ লগতে বানত ঘৰ-মাটি হেৰুওৱা লোকৰ সংস্থাপনৰ দাবী জনায় সংগঠন দুটাই । উল্লেখ্য যে, নৈৰ ৰিং বান্ধৰ পিছতে ৰহস্যজনকভাৱে মথাউৰি নিৰ্মাণৰ কাম বন্ধ ৰাখিছে জলসম্পদ বিভাগে । বাৰিষাৰ পূৰ্বে যদি মথাউৰি নিৰ্মাণ নকৰে তেন্তে পুনৰ ৰঙিয়াৰ শতাধিক গাঁও প্লাবিত হোৱাৰ আশংকা কৰিছে অঞ্চলবাসীয়ে ।
পূৰ্বেও বহুবাৰ অনুৰোধ জনোৱাৰ পিছত মথাউৰিৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাত বিভাগীয় কৰ্তৃপক্ষই গুৰুত্ব আৰোপ কৰা নাই বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে । নিৰ্বাচনৰ পূৰ্বে ভগ্ন মথাউৰি নিৰ্মাণ সম্পূৰ্ণ কৰিব নোৱাৰিলে বিধানসভা নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ সাজু বুলি চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক সকীয়াই দিলে প্ৰতিবাদকাৰীয়ে ।
লগতে পঢ়ক:কংগ্ৰেছৰ গাড়ী আজমলে কলিয়া ভোমোৰা দলঙত পেলাব : পদ্ম হাজৰিকা