ৰঙিয়া, 3 অক্টোবৰ: দুৰ্গা পূজাৰ সুযোগ বুজি ৰঙিয়াত বিলাতী সুৰাৰ ৰমৰমীয়া বেহা । গোপন খবৰৰ ভিত্তিত অভিযান চলাই বৃহৎ সফলতা ৰঙিয়া আৰক্ষীৰ । বিলাতী সুৰা ভৰ্তি টেম্পো ৰঙিয়া আৰক্ষীয়ে জব্দ কৰে ৰঙিয়াৰ ডিমু চ'কত (Rangia Police raid against foreign liquor) ।
বাইহাটা চাৰিআলিৰ পৰা ডিমুলৈ গৈ থকা অৱস্থাত জব্দ কৰা হয় অবৈধ সুৰা ভৰ্তি টেম্পোখন । জব্দকৃত বাহনখনৰ নম্বৰ AS 25 AC 5425 । ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত আৰক্ষীৰ দলটোৱে অভিযান চলাই জব্দ কৰে টেম্পোখন ।
Raid against illegal iquor: ৰঙিয়া আৰক্ষীৰ অভিযানত জব্দ বিপুল পৰিমাণৰ সুৰা আৰক্ষীৰ চকুত ধূলি দিবলৈ টেম্পোখনৰ নম্বৰৰ এটা সংখ্যা আঁতৰাই দুগৰাকী যাত্ৰীৰ সৈতে চালকজনে চলাই আহিছিল টেম্পোখন । প্ৰায় ১৬ কাৰ্টন বিভিন্ন প্ৰকাৰৰ বিলাতী সুৰা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় টেম্পোখনৰ পৰা (Illegal iquor seized in rangia) । টেম্পোখনৰ এটা অংশত লুকুৱাই অনা হৈছিল সুৰাখিনি ।
জব্দকৃত সুৰাখিনিৰ বজাৰ মূল্য সহস্ৰাধিক হ’ব বুলি জানিবলৈ দিছে ৰঙিয়া আৰক্ষীয়ে । অধিক তথ্যৰ বাবে আৰক্ষীয়ে চালকজনক আটক কৰি জেৰা আৰম্ভ কৰিছে ৷ চালকজনৰ নাম মুকলেশ্বৰ ৰহমান বুলি আৰক্ষী সূত্ৰত প্ৰকাশ ৷
লগতে পঢ়ক:মহিষাসুৰৰ স্থানত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি : সৰ্বত্ৰে অখিল ভাৰতীয় হিন্দু মহাসভাক গৰিহণা