অসম

assam

ETV Bharat / state

বহিঃৰাজ‍্যৰ বাছ চালকক ৰঙিয়া আৰক্ষীৰ সাহায্য

বিধানসভা নিৰ্বাচন আৰু ঈদৰ পূৰ্বে কেৰালাত কাম কৰা অসমৰ প্ৰায় ১২ হাজাৰ যুৱক-যুৱতীক বাছেৰে অসমলৈ আহিছিল । কিন্তু লক ডাউনৰ বাবে অসমৰ বিভিন্ন ঠাইত আৱদ্ধ হৈ পৰে এইসকল চালক-হেণ্ডিমেন ।

rangia police distribute food among bus driver
বহিঃৰাজ‍্যৰ বাছ চালকক ৰঙিয়া আৰক্ষীৰ সাহাৰ্য

By

Published : May 29, 2021, 1:26 PM IST

ৰঙিয়া,29 মে’: ৰঙিয়া আৰক্ষীয়ে শুকুৰবাৰে বহিঃৰাজ‍্যৰ ড্ৰাইভাৰসকলক খাদ্য সামগ্ৰী বিতৰণ কৰে । লক ডাউনৰ বাবে বহিঃৰাজ্যৰ পৰা অহা বাছ-ট্ৰাকসমূহ বৰ্তমান ৰাজ্যৰ বিভিন্ন স্থানত আৱদ্ধ হৈ পৰিছে ৷ দোকান-পোহাৰ সকলো বন্ধ হৈ পৰাৰ বাবে এই চালকসকল তীব্ৰ সংকটৰ সন্মুখীন হ’বলগীয়া হৈছে ৷ ৰঙিয়া আৰক্ষীয়ে শুকুৰবাৰে কেৰালাৰ পৰা আহি ৰঙিয়াত আৱদ্ধ হৈ থকা এনে ৮ খন বাছৰ চালক-হেণ্ডিমেনক খাদ‍্য সামগ্ৰী প্ৰদান কৰে ।

বহিঃৰাজ‍্যৰ বাছ চালকক ৰঙিয়া আৰক্ষীৰ সাহায্য

ৰঙিয়া আৰক্ষীৰ হৈ ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰতন দাস আৰু যান-বাহন শাখাৰ মুৰব্বী তথা উপ পৰিদৰ্শক বুধিৰাম মুক্তিয়াৰে খাদ্য সামগ্ৰী লৈ ৰঙিয়াৰ চেপ্তিত থকা গীৰ্জাঘৰত উপস্থিত হয় । আৰক্ষী বিষয়া দুগৰাকীয়ে চালকসকলৰ লগতে গীৰ্জাৰ ফাদাৰৰ লগতো মত বিনিময় কৰে । অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে শাক-পাচলিসমূহ বিতৰণ কৰি আৰক্ষী বিষয়া দুগৰাকীয়ে চালকসকলক কিছু পৰিমাণে সকাহ দিয়ে ।

উল্লেখযোগ্য যে, কেৰালাত কাম কৰা অসমৰ প্ৰায় ১২ হাজাৰ যুৱক-যুৱতী বিধানসভা নিৰ্বাচন আৰু ঈদৰ পূৰ্বে বাছেৰে অসমলৈ আহিছিল । তেতিয়াৰে পৰা অসমৰ বিভিন্ন ঠাইত আৱদ্ধ হৈ আছে বহিঃৰাজ্যৰ প্ৰায় এহেজাৰ চালক-হেণ্ডিমেন ।

লগতে পঢ়ক :ৰূপজ্যোতি কুৰ্মীক গুলীচালনাৰ তদন্ত বিচাৰি গৃহমন্ত্ৰীলৈ পত্ৰ গৌৰৱ গগৈৰ

ABOUT THE AUTHOR

...view details