গুৱাহাটী,7 ফেব্ৰুৱাৰীঃ অৱশেষত তিনিদিনৰ অন্তত দণ্ডাধীশৰ অনুমতিয়ে কিছু সকাহ দিছে এহাল দম্পত্তিক ৷ নিজ কন্যাক হেৰুৱাৰ বেদনা বুকুত লৈ বিগত দুদিন ধৰি আদালতৰ চৌহদে চৌহদে ঘূৰি ফুৰিছিল এহাল স্বামী-স্ত্ৰীয়ে । উদ্দেশ্য মাথো মৃত কন্যা সন্তানটিক ন্যায় দিয়া। ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, ৰঙিয়া স্বস্তি হাস্পাতালৰ স্ত্ৰী ৰোগ বিশেষজ্ঞড0 হিতেন্দ্ৰ কলিতাৰ তত্বাৱধানত 9 জানুৱাৰীত অস্ত্ৰোপচাৰৰ জৰিয়তে মহিলাগৰাকীয়ে জন্ম দিছিল এটি কন্যা সন্তানক ।
কন্যাৰ মৃতদেহ উলিওৱাৰ অনুমতিৰ বাবে আদালতৰ চৌহদত এহাল দম্পত্তি.... - ৰঙিয়া দম্পত্তিৰ কন্যাৰ মৃত্যুৰ অভিযোগ হিতেন্দ্ৰ কলিতাৰ ওপৰত
নিজ কন্যাক হেৰুৱাৰ বেদনা বুকুত লৈ বিগত দুদিন ধৰি আদালতৰ চৌহদে চৌহদে ঘূৰি ফুৰিছিল দম্পত্তিহাল ৷ অৱশেষত শনিবাৰে খান্দি উলিওৱা হ'ব সমাধিস্থ শিশুটিৰ মৃতদেহ ।
কিন্তু জন্মৰ পাছতে ক্ৰমাৎ অসুস্থ হৈ পৰিছিল শিশুটি । স্বস্তি হাস্পাতালত সদ্যজাত শিশুটিৰ চিকিৎসা অব্যাহত আছিল যদিও সুস্থ হোৱা নাছিল শিশুটি। পৰৱৰ্তী সময়ত কন্যা শিশুটিক মহানগৰস্থিত প্ৰতীক্ষা হাস্পতালত ভৰ্তি কৰে পিতৃ-মাতৃয়ে। প্ৰতীক্ষা হাস্পতালৰ তত্ত্বাৱধানত শিশুটিক চিকিৎসা কৰা হয় যদিও 4 ফেব্ৰুৱাৰীত মৃত্যু হয় নৱজাতকটিৰ। একমাত্ৰ ভুল চিকিৎসাআৰু চিকিৎসকৰ গাফিলতিৰ বাবে সন্তানটিৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰি নৱজাতকটোৰ পিতৃ মাতৃয়ে ৰঙিয়া থানাত গোচৰ ৰুজু কৰে ৷
সমাধিস্থ শিশুটিৰ মৃতদেহটো উলিয়াই মৰণোত্তৰ পৰীক্ষাৰ অনুমতিৰ বাবে বিগত দুদিন ধৰি আদালতৰ চৌহদে চৌহদে দণ্ডাধীশ বিচাৰি হাহাকাৰ কৰিছিল দুৰ্ভগীয়া পিতৃ মাতৃয়ে । অৱশেষত শনিবাৰে খান্দি উলিওৱা হ'ব সমাধিস্থ শিশুটিৰ মৃতদেহ। মৰোণোত্তৰ পৰীক্ষাৰ পাছতে পোহৰলৈ আহিব সদ্যজাত শিশুটিৰ মৃত্যুৰ সকলো কাৰণ ৷