নাৰেংগী, 15 এপ্ৰিলঃআজি মানুহ বিহু । ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে বিহু হুঁচৰিৰ পৰা সাংস্কৃতিক অনুষ্ঠানলৈকে ৰাজ্যবাসীৰ মাজত দেখিবলৈ পোৱা গৈছে পাৰভঙা উচাহ ।
নাৰেংগীত তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপন ৰঙালী বিহু - Bohag Bihu
ৰাজ্যজুৰি আজি উদযাপন কৰা হৈছে মানুহ বিহু ৷ বিহুক লৈ সমগ্ৰ ৰাজ্যতে দেখা গৈছে পাৰভঙা উচাহ ৷
মহানগৰীৰ বিভিন্ন প্ৰান্ততো ৰঙালীৰ পাৰভঙা উচাহ দেখিবলৈ পোৱা গৈছে । নাৰেংগী আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ উদ্যোগটো নাৰেংগীত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে ৰঙালী বিহুৰ অনুষ্ঠান ।
সোমবাৰে ৰাতিপুৱা গনেশ পূজাৰে আৰম্ভ হোৱা বিহুৰ অনুষ্ঠানত বিহু দলে নৃত্য প্ৰদৰ্শন কৰাৰ লগতে এক শোভাযাত্ৰা উলিওৱা হয় । 46 বৰ্ষত ভৰি দিয়া বিহুৰ অনুষ্ঠানত বিভিন্ন খেল ধেমালি, সাংস্কৃতিক অনুষ্ঠানৰ লগতে বিভিন্ন সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত হ'ব বুলি জনাইছে উদ্যোক্তাই । তিনিওটা দিনতে আমন্ত্ৰিত শিল্পীৰ সাংস্কৃতিক অনুষ্ঠানৰ লগতে বিহু হুঁচৰি আদি প্ৰদৰ্শণ হ'ব বুলি প্ৰকাশ কৰিছে উদযাপন কমিটিয়ে ।