গুৱাহাটী, 15 জুনঃখাদ্য আৰু আতিথ্য উদ্যোগৰ লগত জড়িত ভাৰতৰ ব্যৱসায়িক ভিত্তিত প্ৰদৰ্শনী 'ফুডটেক ইণ্ডিয়া' দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত হৈছে মহানগৰীৰ বাণিজ্য কেন্দ্র মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত । উক্ত প্ৰদৰ্শনীত প্ৰদৰ্শিত হৈছে ফুড প্ৰচেছিঙৰ মেচিন বেকাৰী আৰু কানফেক্সনৰী সঁজুলি, ফুড পেকেজিঙৰ বিভিন্ন অত্যাধুনিক মেচিন ।
অসমত শীঘ্ৰে খোলা হ'ব খাদ্য সংসাধন বিভাগঃ ৰামেশ্বৰ তেলী - etv bharat assam
খাদ্য আৰু আতিথ্য উদ্যোগৰ লগত জড়িত ভাৰতৰ ব্যৱসায়িক ভিত্তিত প্ৰদৰ্শনী 'ফুডটেক ইণ্ডিয়া' দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত হৈছে মহানগৰীৰ বাণিজ্য কেন্দ্র মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত । উক্ত প্ৰদৰ্শনীত প্ৰদৰ্শিত হৈছে ফুড প্ৰচেছিঙৰ মেচিন বেকাৰী আৰু কানফেক্সনৰী সঁজুলি, ফুড পেকেজিঙৰ বিভিন্ন অত্যাধুনিক মেচিন ৷
শণিবাৰে তৃতীয় দিনা প্ৰদৰ্শনীখনত উপস্থিত হয় কেন্দ্ৰীয় খাদ্য সংশাধন বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী । প্ৰদৰ্শনীখনত উপস্থিত হৈ পৰ্যবেক্ষণ কৰাৰ লগতে অনাগত দিনত বিভিন্ন অত্যাধুনিক মেচিন চৰকাৰী সাহাৰ্য হিচাপত নিৱনুবা যুৱক-যুৱতীক প্ৰদান কৰিব বুলি মন্তব্য কৰে তেলীয়ে । তাৰোপৰি অসমত যিহেতু খাদ্য সংশাধন বিভাগ নাই, সেয়ে ৰাজ্যত শীঘ্ৰে এই বিভাগটো খোলাৰ ব্যৱস্থা কৰিব বুলি উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । ইফালে নিজৰ বিভাগৰ উদ্যোগত এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খাদ্য মেলা আয়োজন কৰিব বুলিও সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ।