অসম

assam

By

Published : May 14, 2023, 10:15 PM IST

ETV Bharat / state

Guwahati Press Club: গুৱাহাটী প্ৰেছ ক্লাবত ৰমেশ চন্দ্ৰ শৰ্মা স্মাৰক বক্তৃতা অনুষ্ঠান

মাজ-জালুকাৰী সাহিত্য সভাৰ উদ্যোগত, গুৱাহাটী প্ৰেছ ক্লাবত দেওবাৰে অনুষ্ঠিত হয় চতুৰ্থ লানি "ৰমেশ চন্দ্ৰ শৰ্মা স্মাৰক বক্তৃতা"৷ "শিক্ষা আৰু গৱেষণাত অসমৰ জাতীয় উৎসৱ বিহু" বিষয়ৰ ওপৰত বক্তৃতা প্ৰদান কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড৹ দেবাশীষ শইকীয়া আৰু বিশিষ্ট প্ৰগতিশীল লেখক, সমালোচক মুকুট শৰ্মাই (Ramesh Chandra Sharma Memorial Lecture) ৷

Ramesh Chandra Sharma Memorial Lecture
গুৱাহাটী প্ৰেছ ক্লাবত ৰমেশ চন্দ্ৰ শৰ্মা স্মাৰক বক্তৃতা অনুষ্ঠান

গুৱাহাটী, 14 মে’: মাজ-জালুকাৰী সাহিত্য সভাৰ উদ্যোগত, গুৱাহাটী প্ৰেছ ক্লাবত দেওবাৰে অনুষ্ঠিত হয় চতুৰ্থ লানি "ৰমেশ চন্দ্ৰ শৰ্মা স্মাৰক বক্তৃতা" ৷ ড৹ ময়ুৰী শৰ্মাৰ বৰগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানত শাখা সাহিত্য সভাৰ সম্পাদক নীৰেন চন্দ্ৰ বৈশ্যই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ৷ অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক প্ৰয়াত ৰমেশ চন্দ্ৰ শৰ্মালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ধৰণীধৰ বিদ্যাপীঠ হাইস্কুলৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ জিটুমণি শৰ্মাই আৰু ড৹ সত্যজিত দাসে ৷ মাজ - জালুকাৰী শাখা সাহিত্য সভাৰ সভাপতি তাহেৰউদ্দিন আহমেদে সঞ্চালনাত অনুষ্ঠিত হয় এই স্মাৰক বক্তৃতা অনুষ্ঠানটিৰ (Ramesh Chandra Sharma Memorial Lecture Program) ৷

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পাচতে স্মাৰক বক্তৃতা অনুষ্ঠান আৰম্ভ হয় ৷ বক্তৃতা অনুষ্ঠানটো উদ্বোধন কৰে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড৹ দীপক কুমাৰ শৰ্মাই ৷ অনুষ্ঠানত "শিক্ষা আৰু গৱেষণাত অসমৰ জাতীয় উৎসৱ বিহু" বিষয়ৰ ওপৰত বক্তৃতা প্ৰদান কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড৹ দেবাশীষ শইকীয়া আৰু বিশিষ্ট প্ৰগতিশীল লেখক, সমালোচক মুকুট শৰ্মাই (Guwahati Press Club) ৷

অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক ড৹ জগদীশ পাটগীৰিয়ে সন্মানিত অতিথি হিচাবে সভাত উপস্থিত থাকে ৷ সভাত ৰমেশ চন্দ্ৰ শৰ্মাৰ পৰিয়াল বৰ্গৰ হৈ পুত্ৰ ড৹ প্ৰশান্ত শৰ্মা, বোৱাৰী মনিৰূপা মিশ্ৰ আৰু কুমৰেন্দ্ৰ শৰ্মাই চমু ভাষণ আগবঢ়ায় ৷ অনুষ্ঠানত ড৹ ভূপেন্দ্ৰ নাথ শৰ্মা, নিশিগন্ধা চেতিয়া, ইৰাৱতী গগৈ, কল্পনা কোঁৱৰ, আইৰিন চেতিয়াই বিহু সুৰীয়া গীত আৰু আৰু কবিতা আবৃত্তি পৰিবেশন কৰি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে (Lecture Program in Guwahati Press Club) ৷

সমজুৱাৰ বক্তব্যত ড৹ সত্যজিৎ দাস, গীৰেন চৰকাৰ আৰু হৰমোহন দাসে আলোচ্য বিষয় বস্তুৰ ওপৰত বিশেষভাৱে আলোকপাত কৰে আৰু মাজ-জালুকবাৰী সাহিত্য সভাই লোৱা এনে প্ৰচেষ্টাৰ শলাগ লয় (Ramesh Chandra Sharma Memorial Lecture) ৷

লগতে পঢ়ক:Bodo Sahitya Sabha: হৰিচন্দ্ৰ বড়োক প্ৰেৰণাৰ দেৱদূত উপাধি প্ৰদান

ABOUT THE AUTHOR

...view details