অসম

assam

ETV Bharat / state

এইবাৰ চন্দ্ৰমোহন পাটোৱাৰীৰ বিৰুদ্ধে সৰৱ ৰমেন ডেকা - Transport minister of Assam Chandra Mohan Patowary

শেহতীয়াকৈ নিবিদা গ্ৰহণ নকৰাকৈয়ে অসম ৰাজ্যিক পৰিবহণ নিগমে(Assam State Transport Corporation) ৰাজ্যৰ কেইবাটাও পৰিবহণ নিগমৰ বাছ আস্থানত ১৮ টা পেট্ৰ’ল আৰু ডিজেল ডিপো স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । এই বিষয়ক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক উদ্দেশ্যি বিজেপি নেতা ৰমেন ডেকাৰ টুইট ।

Bjp leader Ramen Deka
চন্দ্ৰমোহন পাটোৱাৰীৰ বিৰুদ্ধে সৰৱ ৰমেন ডেকা

By

Published : Jun 17, 2021, 2:19 PM IST

গুৱাহাটী,১৭ জুন :পুনৰ সৰৱ হৈছে জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰাক্তন সাংসদ ৰমেন ডেকা । সৌ সিদিনা নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ বিৰুদ্ধে টুইটযোগে(tweet) তীৰ্যক মন্তব্য কৰাৰ পিছত এইবাৰ প্ৰাক্তন সাংসদগৰাকীয়ে আক্ৰমণৰ লক্ষ্য কৰি লৈছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক ।

টুইটাৰযোগে ৰমেন ডেকাই কয়, "চন্দ্ৰমোহন পাটোৱাৰী, অনুগ্ৰহ কৰি কাৰ্যালয়ত অধিক সময় দিয়ক আৰু এএছটিচিৰ(ASTC) দ্বাৰা পেট্ৰ’ল পাম্পৰ আৱণ্টন আৰু এএছটিচিৰ দ্বাৰা হোৱা অন্যান্য ভুল কামবোৰ পৰীক্ষা কৰক। আপোনাৰ অজ্ঞাতে এইটো কেনেকৈ হ’ব পাৰে । অনুগ্ৰহ কৰি বিষয়টো চাওক" ৷

উল্লেখ্য যে, নিবিদা গ্ৰহণ নকৰাকৈয়ে অসম ৰাজ্যিক পৰিবহণ নিগমে(Assam State Transport Corporation) ৰাজ্যৰ কেইবাটাও পৰিবহণ নিগমৰ বাছ আস্থানত ১৮ টা পেট্ৰ’ল আৰু ডিজেল ডিপো স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ।

লগতে পঢ়ক:জীৱকূল তথা প্ৰকৃতিৰ বাবে অভিশাপস্বৰূপ বাঘজানৰ অগ্নিকাণ্ড

ABOUT THE AUTHOR

...view details