গুৱাহাটী, 10 জানুৱাৰী: "অসমত এইবাৰ পুনৰ বিজেপিৰ চৰকাৰ হ'ব ৷ সৰ্বানন্দ সোণোৱাল পুনৰ অসমৰ মুখ্যমন্ত্ৰী হ'ব ৷" এই মন্তব্য কেন্দ্ৰীয় সামাজিক ন্যায় দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামদাস আথৱালেৰ ৷ দেওবাৰে গুৱাহাটীৰ হোটেল টাজ বিভান্তাত এখন সংবাদমেল সম্বোধন কৰি ৰাজ্যিক মন্ত্ৰী গৰাকীয়ে এই মন্তব্য আগবঢ়ায় ৷ তেওঁ কয় যে আগন্তুক 2021 চ নিৰ্বাচনত বিজেপি দলে অসমত চৰকাৰ প্ৰতিষ্ঠা কৰাটো নিশ্চিত আৰু এই উদ্দেশ্যে তেওঁৰ দলে পূৰ্ণ সহায় সহযোগিতা আগবঢ়াব ৷
মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে 2021 ৰ নিৰ্বাচনত ৰিপাব্লিক পাৰ্টী অৱ ইণ্ডিয়াই 5 বা 6 টা সমষ্টিত প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ সম্ভাৱনা আছে ৷ এই সন্দৰ্ভত তেওঁ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে আলোচনাত মিলিত হ'ব বুলিও মন্তব্য কৰে ৷
অসমৰ লগতে উত্তৰ পূবৰ কেইবাগৰাকী বিষয়ববীয়াৰ সৈতে বিশেষ আলোচনাত মিলিত হৈ মন্ত্ৰী গৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰতি মাহত এবাৰ বা দুবাৰকৈ উত্তৰ-পূব ভ্ৰমণ কৰিবৰ বাবে ৰাজ্যিক মন্ত্ৰী সকলক দায়িত্ব দিছে ৷ ৰাইজে বিভাগীয় সকলো সা-সুবিধা লাভ কৰিছে নে নাই সেই সম্পৰ্কে বুজ লোৱাৰ উদ্দেশ্যে তাৰ বাবে প্ৰধানমন্ত্ৰী গৰাকীয়ে এই পদক্ষেপ লোৱা বুলি মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে ৷