গুৱাহাটী, ২২ আগষ্ট :ভাতৃ-ভগ্নীৰ সম্পৰ্কক অন্য এক মাত্ৰা প্ৰদান কৰা উৎসৱ হৈছে পৱিত্ৰ ৰাখী বন্ধন । প্ৰতিবছৰে শাওন মাহৰ পূৰ্ণিমা তিথিত দেশবাসীয়ে পালন কৰি আহিছে ৰাখী বন্ধন উৎসৱ । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে দেশ সেৱাত ব্ৰতী হৈ থকা CRPF জোৱান সকলৰ মনোবল বৃদ্ধি কৰাৰ লক্ষ্যৰে দেওবাৰে ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাৰ উদ্যোগত নুনমাটিস্থিত CRPF ৰ ১২৮ নং বেটেলিয়ানৰ শিবিৰত পালন কৰা হয় পবিত্ৰ ৰাখী বন্ধন ।
বিজেপিৰ মহিলা মৰ্চাৰ সদস্যসকলে প্ৰথমে জোৱান সকলক পূজা অৰ্চনা কৰি ৰাখি পিন্ধায় আৰু শুভেচ্ছা প্ৰদান কৰে । দেওবাৰে এই অনুষ্ঠানত উপস্থিত থকা ১২৮ নং বেটেলিয়ানৰ অধিনায়ক বিনয় ছেত্ৰীয়ে জোৱান সকলৰ মনোবল বৃদ্ধি কৰাৰ বাবে বিজেপিৰ মহিলা মৰ্চাৰ সদস্যসকলে গ্ৰহণ কৰা এই প্ৰচেষ্টাক প্ৰশংসা কৰে । ইফালে কৃতজ্ঞতাৰ চিনস্বৰূপে চিআৰপিএফ জোৱানসকলে ৰাখী পিন্ধোৱা ভগ্নী সকলক একোটাকৈ উপহাৰ প্ৰদান কৰে ।
উল্লেখযোগ্য যে, সংস্কৃতত ‘ৰক্ষা বন্ধন’ৰ অৰ্থ হ’ল ‘সুৰক্ষাৰ বন্ধন’ ৷ বিংশ শতিকাৰ মাজভাগলৈকে, একে ধৰণৰ ৰীতি-নীতি সচৰাচৰ প্ৰয়োগ কৰা হৈছিল ৷ প্ৰাচীন হিন্দু গ্ৰন্থত এই দিনটোতে ৰাখীবন্ধনৰ সৈতে সামঞ্জস্য থকা এক উৎসৱ অনুষ্ঠিত হৈছিল, য'ত এজন ঘৰুৱা পুৰোহিতে তেওঁৰ পৃষ্ঠপোষকসকলৰ মণিবন্ধত তাবিজ বা সূতা বান্ধে ৷ ইয়াৰ বিনিময়ত তেওঁ ধন আৰু উপহাৰ লাভ কৰে ৷ কিছুমান ঠাইত, এতিয়াও এই উৎসৱ পালন কৰা হয় ৷
লগতে পঢ়ক :হিমন্ত চৰকাৰৰ এশ দিনীয়া সফলতাৰ আঁৰত আছে নৰেন্দ্ৰ মোদীৰ আৰ্শীবাদ : সোণোৱাল