গুৱাহাটী, ৫ ছেপ্টেম্বৰ: "কংগ্ৰেছে কেৱল ভোটৰ স্বার্থতেই সনাতন সংস্কৃতিক আক্ৰমণৰ লক্ষ্য কৰি লৈছে । সনাতন সংস্কৃতিক আক্ৰমণ কৰাটো I.N.D.I.A ৰ মূল এজেণ্ডা হৈছে । কংগ্ৰেছে বাগানে বাগানে গৈ ক্ষমাহে বিচাৰিব লাগে ।" এই মন্তব্য ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ । মঙলবাৰে বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত সাংসদ পবিত্ৰ মার্ঘেৰিটাই সংবাদমেল সম্বোধন কৰি কংগ্ৰেছ তথা বিৰোধী মহাজোঁট INDIA ক তীক্ষ্ণ সমালোচনাৰ লক্ষ্য কৰি লয় ।
তেওঁ লগতে কয় যে, ইমানদিনে কংগ্ৰেছে বাগানৰ মানুহক কেৱল প্ৰতাৰণা কৰিছে । তাৰ বিপৰীতে বাগানত আন্তঃগাঁথনি উন্নত কৰিছে বিজেপি চৰকাৰে । বাগানৰ মানুহৰ বিদ্যুতৰ মাচুল চৰকাৰে আদায় দি লোকসকলক সকাহ দিয়াৰ ব্যৱস্থা কৰিছে বিজেপি চৰকাৰে । ইয়াৰোপৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাকো তীক্ষ্ণ সমালোচনা কৰে পবিত্ৰ মাৰ্ঘেৰিটাই । ভূপেন বৰাৰ প্ৰসংগত বাগানলৈ গৈ পাপ মোচন কৰাৰ পৰামৰ্শ প্ৰদান কৰে মাৰ্ঘেৰিটাই ।