গুৱাহাটী,১৯ এপ্ৰিল: "মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী উন্নয়ন মন্ত্ৰী হৈ থকাৰ পৰাই সংঘটিত কৰি আহিছে বিশুদ্ধ খোৱা পানীৰ নামত ভয়ানক কেলেংকাৰী ।" এই অভিযোগ ৰাজ্য সভাৰ সাংসদ তথা আঞ্চলিক গণ মৰ্চাৰ সভাপতি অজিত ভূঞাৰ(Ajit Bhuyan accuses CM of scam) ।
মংগলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেল সম্বোধন কৰি তেওঁ মহানগৰীত বিশুদ্ধ খোৱা পানীৰ সমস্যাৰ সম্পৰ্কত কয় যে, একেৰাহে ২১ বছৰ কাল গুৱাহাটীৰ এটা সমষ্টিৰ বিধায়ক আৰু অতিকৈ শক্তিশালী আৰু প্ৰভাৱ শালী মন্ত্ৰী হৈ থকা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এটোপাল বিশুদ্ধ খোৱা পানী খুৱাব নোৱৰাটো কিমান ডাঙৰ অপৰাধ সেই কথা তেওঁ মানি নল’লেও গুৱাহাটীৰ ৰাইজে ভালকৈয়ে বুজি উঠিছে ।
সাংসদ গৰাকীয়ে কয় যে, বছৰ বছৰ ধৰি গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী হিচাপে কানিৰ্বাহ কৰা আৰু বিগত কংগ্ৰেছ চৰকাৰৰ দিনত তেওঁৰ মন্ত্রীত্বৰ কালতে আৰম্ভ কৰা পানী যোগান প্রকল্পৰ পানী আজি ১৩ বছৰে হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীবাসীক খুৱাব নোৱাৰিলে । সেইজন মানুহে এতিয়া গুৱাহাটী পৌৰ নিগমৰ ভোটৰ লালসাত ৰাইজক আকৌ জীয়া ফাঁকি দিছে, যে জুলাই মাহৰ পৰা ৰাইজে পানী পাব ।
লগতে তেওঁ কয়, দুর্ভাগ্যজনক কথা যে হেজাৰ হেজাৰ কোটি টকা ব্যয়েৰে গুৱাহাটীৰ মেট্র’পলিটান এলেকাত নাগৰিকে বলে পৰা দৰত, বিশ্বাসযোগ্য, নিৰাপদ, উচ্চ-চাপমুক্ত আৰু অহর্নিশে যোগানক্ষম বিশুদ্ধ পানী যোগানৰ বাবে সমগ্র মহানগৰীত কাহানিবাই আৰম্ভ কৰা তিনিটাকে বৃহৎ বৃহৎ পানী যোগান প্রকল্পৰ এটাও আজিলৈকে কাৰ্যক্ষম হৈ নুঠিল ।
২০০৯ চনতে তদানীন্তন কংগ্ৰেছ চৰকাৰৰ শাসনকালত আৰু গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰীৰ দায়িত্ব ড° হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত ন্যস্ত থকা সময়তে এই প্ৰকল্প কেইটাৰ কাম আৰম্ভ কৰা হৈছিল । তাৰ এটা জাপানৰ জাইকাৰ সহযোগত এটা এছিয়ান ডেভেলপমেন্ট বেংকৰ সহযোগত আৰু তৃতীয়টো জৱাহৰলাল নেহৰু ৰাষ্ট্ৰীয় আৰবান ৰিনিৱেল মিছনৰ পুঁজিৰে আৰম্ভ কৰা হৈছিল ।
যোৱা ২০২১ চনৰ ১৩ ডিচেম্বৰত ৰাজ্যসভাত সাংসদগৰাকীয়ে গুৱাহাটী মহানগৰীৰ নাগৰিকৰ বাবে পানী যোগান আঁচনি সন্দৰ্ভত উত্থাপন কৰা ১৭০৮ নং প্রশ্নৰ উদ্ধৃতি দি ভূঞাই কয়, আমাৰ প্রশ্নটোৰ উত্তৰত চৰকাৰৰ তৰফৰ পৰা কোৱা হ'ল যে বিভিন্ন কাৰণত উত্তৰ গুৱাহাটীকে ধৰি বৃহত্তৰ গুৱাহাটীত আৰম্ভ কৰা মুঠ চাৰিটা পানী যোগান প্রকল্পৰ কাম সম্পূৰ্ণ কৰিব পৰা হোৱা নাই । ইয়াৰ মূল ধাৰণ হিচাপে কোৱা হ'ল যে ৰেল বিভাগ, ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণ আৰু অসমৰ লোক নিৰ্মাণ বিভাগে প্রয়োজনীয় অনুমতি নিদিয়াত বিলম্বন ঘটাইছিল ।