অসম

assam

ETV Bharat / state

ৰাজ্যসভাৰ অসমৰ এখন আসনৰ বাবে ১ মাৰ্চত নিৰ্বাচন - ১৯ ফেব্ৰুৱাৰীত মনোনয়নসমূহ পৰীক্ষা

ৰাজ্যসভাত খালী হ'বলগীয়া অসমৰ এখন আসনৰ বাবে ১ মাৰ্চত অনুষ্ঠিত হ'ব নিৰ্বাচন । নিৰ্বাচনী অধিসূচনা জাৰি কৰা হ'ব ১১ ফেব্ৰুৱাৰীত । মনোনয়ন দাখিলৰ শেষ দিন ১৮ ফেব্ৰুৱাৰী আৰু ১৯ ফেব্ৰুৱাৰীত মনোনয়নসমূহ পৰীক্ষা কৰা হ'ব ।

ৰাজ্যসভাৰ অসমৰ এখন আসনৰ বাবে ১ মাৰ্চত নিৰ্বাচন
ৰাজ্যসভাৰ অসমৰ এখন আসনৰ বাবে ১ মাৰ্চত নিৰ্বাচন

By

Published : Feb 4, 2021, 3:58 PM IST

গুৱাহাটী, ৪ ফেব্ৰুৱাৰী: ৰাজ্যসভাত খালী হ'বলগীয়া অসমৰ এখন আসনৰ বাবে ১ মাৰ্চত অনুষ্ঠিত হ'ব নিৰ্বাচন । দেশৰ নিৰ্বাচন আয়োগে বৃহস্পতিবাৰে এই সিদ্ধান্তৰ কথা ঘোষণা কৰিছে । ৰাজ্যসভাৰ পূৰ্বৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে বিগত ২১ নৱেম্বৰত পদত্যাগ কৰিছিল । তেতিয়াৰে পৰা খালী হৈ আছে এই আসনখন ।

ৰাজ্যসভাৰ অসমৰ এখন আসনৰ বাবে ১ মাৰ্চত নিৰ্বাচন

উল্লেখযোগ্য যে, বি পি এফ ত্যাগ কৰি বিজেপিত যোগ দিয়াৰ বাবেই দৈমাৰী ৰাজ্যসভাৰ সাংসদ পদৰ পৰা সাংবিধানিক বিধি অনুসৰি ইস্তাফা দিবলগীয়া হৈছিল । কিন্তু দৈমাৰীৰ কাৰ্যকাল আছিল ২০২৬ চনৰ ৯ এপ্ৰিললৈকে ।

বৃহস্পতিবাৰে নিৰ্বাচন আয়োগে জাৰি কৰা সূচী অনুসৰি, দৈমাৰীয়ে পদত্যাগ কৰাৰ ফলত খালী হোৱা এই আসনখনৰ বাবে ১ মাৰ্চত নিৰ্বাচন অনুষ্ঠিত হ'ব । নিৰ্বাচনী অধিসূচনা জাৰি কৰা হ'ব ১১ ফেব্ৰুৱাৰীত । মনোনয়ন দাখিলৰ শেষ দিন ১৮ ফেব্ৰুৱাৰী আৰু ১৯ ফেব্ৰুৱাৰীত মনোনয়নসমূহ পৰীক্ষা কৰা হ'ব । মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ২২ ফেব্ৰুৱাৰী ।

লগতে পঢ়ক:অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মিত্ৰতা চূড়ান্তঃ লুৰীণজ্যোতি গগৈ

ABOUT THE AUTHOR

...view details