অসম

assam

ETV Bharat / state

৪ অক্টোবৰত ৰাজ্যসভাৰ নিৰ্বাচন : পূৰ্ণ হব বিশ্বজিৎ দৈমাৰীৰ খালি আসন - ৰাজ্যসভাৰ আসন

বিশ্বজিৎ দৈমাৰীয়ে এৰি অহা ৰাজ্যসভাৰ আসনৰ বাবে ৪ অক্টোবৰত অনুষ্ঠিত হব নিৰ্বাচন ৷ অসমৰ সৈতে একেদিনাই পশ্চিমবংগ, তামিলনাডু, মহাৰাষ্ট্ৰ আৰু মধ্যপ্ৰদেশতো নিৰ্বাচন অনুষ্ঠিত হ'ব ৷

rajya sabha election on october 4 t
৪ অক্টোবৰত ৰাজ্যসভাৰ নিৰ্বাচন

By

Published : Sep 9, 2021, 1:19 PM IST

গুৱাহাটী, ৯ ছেপ্টেম্বৰ : ৰাজ্যসভাৰ সাংসদ পদ ত্যাগ কৰি বিগত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল বিশ্বজিৎ দৈমাৰীয়ে । দৈমাৰীয়ে এৰি অহা ৰাজ্যসভাৰ এই আসনখনৰ বাবে ৪ অক্টোবৰত অনুষ্ঠিত হব নিৰ্বাচন । দেশৰ নিৰ্বাচন আয়োগে বৃহস্পতিবাৰে জাৰি কৰিছে এই সম্পৰ্কীয় জাননী ।

অসমৰ এই আসনখনকে ধৰি দেশৰ কেইবাখনো ৰাজ্যত খালি হৈ থকা সৰ্বমুঠ ছয়খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হব । অসমৰ সৈতে একেদিনাই নিৰ্বাচন অনুষ্ঠিত হবলগীয়া ৰাজ্য কেইখন হ'ল ক্ৰমে পশ্চিমবংগ, তামিলনাডু, মহাৰাষ্ট্ৰ আৰু মধ্যপ্ৰদেশ ।

পূৰ্ণ হব বিশ্বজিৎ দৈমাৰীৰ খালি আসন

নিৰ্বাচন আয়োগে আজি জাৰি কৰা জাননী অনুসৰি অসমসহ কেউখন ৰাজ্যৰ ৰাজ্যসভাৰ মুঠ ছয়খন আসনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন হৈছে ২২ ছেপ্টেম্বৰ । অধিসূচনা জাৰি হব ১৫ ছেপ্টেম্বৰত । মনোনয়ন পৰীক্ষা কৰা হব ২৩ ছেপ্টেম্বৰত ।

মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন হৈছে ২৭ ছেপ্টেম্বৰ । উল্লেখযোগ্য যে ৰাজ্যসভাৰ সাংসদ পদ ইতিমধ্যে ত্যাগ কৰা বিশ্বজিৎ দৈমাৰীৰ আসনখনৰ কাৰ্যকাল শেষ হ'ব ২০২৬ চনৰ ৯ এপ্ৰিলত ।

লগতে পঢ়ক :নিমাতীঘাটত উপস্থিত DGP ভাস্কৰজ্যোতি মহন্ত

ABOUT THE AUTHOR

...view details