গুৱাহাটী,18 জুন: দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ পূৰ্বাঞ্চললৈ অহা দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং শুকুৰবাৰে উপস্থিত হয় মহানগৰীৰ সৰুসজাইস্থিত নৱনিৰ্মিত ক'ভিড কেয়াৰ হাস্পতালত ৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত 300 খন বিছনাযুক্ত ক'ভিড কেয়াৰ হাস্পতালখন পৰিদৰ্শন কৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে ৷
সৰুসজাইস্থিত ক'ভিড কেয়াৰ হাস্পতালত ৰাজনাথ সিং ইপিনে শুকুৰবাৰে পুৱাই শক্তিপীঠ কামাখ্যা ধামত উপস্থিত হৈ মা-কামাখ্যাৰ আশীষ লয় দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ৷ ৰাজনাথ সিঙক সংগ দিয়ে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ তাৰ পাছতেই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সৈতে পোনে পোনে সাদিন-প্ৰতিদিনগোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাৰ গীতানগৰস্থিত বাসগৃহত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ৷
ক'ভিড কেয়াৰ হাস্পতালত ৰাজনাথ সিং উল্লেখ্য যে, বৃহস্পতিবাৰে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লখিমপুৰ জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী কিমিন বিলগড়ত আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মুঠ 12 টা সীমান্তৰ পথ৷ সীমান্ত পথ প্ৰাধিকৰণৰ দ্বাৰা নিৰ্মিত কিমিনৰ পৰা পুটিন সংযোগী পথটো নিজহাতে উদ্বোধন কৰাৰ লগতে অন্য 11 টা গুৰুত্বপুৰ্ণ পথ অনলাইনযোগে উদ্বোধন কৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ ইয়াৰ ভিতৰত 10 টা সীমান্ত পথ অৰুণাচল প্ৰদেশৰ, 1 টা লাডাখ আৰু আনটো জম্মু -কাশ্মীৰৰ ৷ ইয়াৰ পাছতে ভাষণ প্ৰসংগত সিঙে কয় যে,"ভাৰতে কোনো চুবুৰীয়া দেশৰ লগত শত্ৰুতা নকৰে আৰু যদি কোনোবাই কৰে, সেইয়া সহ্য কৰা নহ’ব ৷ ভাৰত শান্তিৰ পূজাৰী,কিন্তু যদি কোনোবাই অনুপ্ৰৱেশ কৰিব বিচাৰে তেনেহলে তাৰ ধৰণে উচিত প্ৰত্যুত্তৰ দিয়া হ'ব৷" লগতে সিঙে কয় যে,উত্তৰ পূৰ্বাঞ্চলক প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশ মতে প্ৰতি মাহে এজন কেন্দ্ৰীয় মন্ত্ৰীয়ে পৰিদৰ্শন কৰিব ৷ যাৰ বাবে আজিৰ সময়ত এই উন্নয়ন সাধন কৰিব পৰা গৈছে আৰু বৰ্ডাৰ ৰোডছে সমগ্ৰ ভাৰতৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশৰ বহুতো পথ সুগম কৰি তুলিছে ৷
লগতে পঢ়কঃভাৰত শান্তিৰ পূজাৰী যদিও অনুপ্ৰৱেশ সহ্য নকৰে: ৰাজনাথ সিং