গুৱাহাটী, ৯ মাৰ্চ: ৰাজকন্যা বৰুৱা(Model Rajkanya Baruah) জামিন মঞ্জুৰ । গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে মডেল ৰাজকন্যাৰ জামিন (Rajkanya Baruah granted bail) । গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অজিত বৰঠাকুৰ আদালতে মঞ্জুৰ কৰে জামিন ।
উল্লেখ্য যে, গুৱাহাটী মহানগৰীত সুৰাপান কৰি গাড়ী চলাই ৰাজপথত মহতীয়া নিছিল শ্ৰমিকক । 2021 বৰ্ষৰ 1 অক্টোবৰত ৰুক্মিণীগাঁৱত নিশা সংঘটিত ভয়ংকৰ এই দুৰ্ঘটনাটো(Hit and run case of Rajkanya Baruah)ত প্ৰায় ৮ জনকৈ শ্ৰমিকক মহতীয়াই নিছিল । জোচেফ মাৰাক নামৰ শ্ৰমিকগৰাকীৰ এখন ভৰি ঘটনাস্থলীতে বিচ্ছিন্ন হৈ গৈছিল । পৰৱৰ্তী সময়ত চিকিৎসাধীন অৱস্থাতে মৃত্যু হৈছিল গুৰুত্বভাৱে আঘাতপ্ৰাপ্ত শ্ৰমিক গৰাকী ।