গুৱাহাটী, 8 অক্টোবৰ : তথাকথিত মডেল ৰাজকন্যা বৰুৱা এতিয়া ৰঙাঘৰৰ অতিথি । দুদিনকৈ দিছপুৰ আৰক্ষীৰ জিম্মাত থাকিবলগীয়া হোৱা ৰাজকন্যা বৰুৱাক শুকুৰবাৰে আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে । বুধবাৰে দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৰাজকন্যা বৰুৱাক বৃহস্পতিবাৰে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হৈছিল ।
আদালতে ৰাজকন্যা বৰুৱাৰ জামিন আৱেদন নাকচ কৰাৰ লগতে এদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছিল। পুনৰ ৰাজকন্যা বৰুৱাক আদালতত হাজিৰ কৰোৱা হয় আৰু আদালতে ৰাজকন্যা বৰুৱাক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে । ৰাজকন্যা বৰুৱাৰ এতিয়া নতুন ঠিকনা গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ । কাৰাগাৰত অন্য অপৰাধীৰ দৰেই থাকিব লাগিব ৰাজকন্যা বৰুৱা ।
আৰক্ষীয়ে পুনৰ জিম্মাত নিবিচাৰিলে ৰাজকন্যাক । ৰাজকন্যাক কাৰাগাৰত বিশেষ আতিথ্য নিদিবলৈ নিৰ্দেশ আদালতৰ । সাধাৰণ কয়দীৰ দৰে কাৰাগাৰত ৰাখিব লাগিব ৰাজকন্যা বৰুৱাক । ইফালে আদালতৰ নিৰ্দেশৰ পাছতে বৃহস্পতিবাৰে ৰাজকন্যা বৰুৱাৰ অনুজ্ঞাপত্ৰ বাতিল কৰে পৰিবহন বিভাগে ।
লগতে পঢ়ক:ৰাজকন্যাক আই চি ইউত মই ৰখা নাছিলোঁ : ডাঃ নভনীল বৰুৱা
উল্লেখ যে, ১ অক্টোবৰৰ নিশা ১.৩০ বজাত সুৰামত্ত হৈ ৰাজকন্যা বৰুৱাই গাড়ীৰে ৰাজপথত কৰ্মৰত আঠজনকৈ শ্ৰমিকক মহতীয়াই নিছিল । ইয়াৰে এজন শ্ৰমিকৰ দুয়োখন ভৰি ইতিমধ্যে কাটি পেলাব লগীয়া হৈছে । ঘটনাটো সংঘটিত কৰাৰ পাছত আৰক্ষীয়ে ৰাজকন্যা বৰুৱাৰ আটক কৰিছিল যদিও ২৪ ঘণ্টাৰ পাছত জামিন লাভ কৰিছিল ।
এই ঘটনাক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । আনকি ঘটনাটোত মুখ্যমন্ত্রীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৰ্তব্যত গাফিলতি কৰা আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সদৰী কৰিছিল । মুখ্যমন্ত্রীৰ সতৰ্কবাণীৰ পাছতেই সমগ্ৰ ঘটনাই নতুন মোৰ লয় । ঘটনা সন্দৰ্ভত দুজনকৈ আৰক্ষীৰ লোকক ৰিজাৰ্ভ ক্লজ কৰাৰ লগতে ঘটনাৰ তদন্ত দিয়া হয় ।
পৰৱৰ্তী সময়ত ৰাজকন্যা বৰুৱালৈ জাৰি কৰা হৈছিল চমন । কিন্তু ৰাজকন্যা বৰুৱাই থানাত হাজিৰ হোৱাৰ বিপৰীতে অসুস্থতাৰ অজুহাতত জি এন আৰ চিৰ ICUত ভৰ্তি হৈ আছিল । এইক্ষেত্রত ৰাজকন্যা বৰুৱাৰ স্বাস্থ্য পৰীক্ষা কৰাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মেডিকেল বৰ্ড গঠন কৰা হৈছিল । ছয়জনীয়া মেডিকেল বৰ্ডে বুধবাৰে ৰাজকন্যা বৰুৱাৰ স্বাস্থ্য পৰীক্ষা কৰি সুস্থতাৰ প্ৰমানপত্র দিয়াৰ পাছতেই আৰক্ষীয়ে জি এন আৰ চি হাস্পতালৰ পৰা ৰাজকন্যা বৰুৱাক গ্ৰেপ্তাৰ কৰে ।