অসম

assam

ETV Bharat / state

দিছপুৰ আৰক্ষী থানাত হাজিৰ হোৱাৰ বিপৰীতে চিকিৎসালয়ত ৰাজকন্যা বৰুৱা - ৰাজকন্যা বৰুৱা বাতৰি

গভীৰভাৱে অসুস্থ হৈ আই চি ইউত ৰাজকন্যা বৰুৱা ! স্বাস্থ্যৰ অৱস্থা বেয়া হোৱাৰ অজুহাত দেখুৱাই আৰক্ষী থানাত উপস্থিত হোৱাৰ পৰা বিৰত আছে ৰাজকন্যা বৰুৱা । কন্যাৰ অসুস্থতাৰ দোহাই দি মাতৃয়ে দুসপ্তাহৰ সময় বিচাৰি থানাত দাখিল কৰিছে আবেদন । সমগ্ৰ ঘটনাৰ তদন্তৰ দায়িত্ব দিয়া হৈছে উপ-পৰিদৰ্শক যোগানন্দ বড়োক ।

Rajkanya baruah is admitted at GNRC hospital
জি এন আৰ চি হাস্পতালৰ আই চি ইউত ৰাজকন্যা বৰুৱা

By

Published : Oct 5, 2021, 2:33 PM IST

গুৱাহাটী, ৫ অক্টোবৰ: দিছপুৰ থানাত মঙলবাৰে হাজিৰ হোৱাৰ সম্ভাৱনা নাই সুৰামত্ত হৈ আঠ জনকৈ শ্ৰমিকক গাড়ীৰে আহত কৰা মডেল ৰাজকন্যা বৰুৱা(Rajkanya Baruah)ৰ । দিছপুৰ আৰক্ষীৰ জাননীৰ বিপৰীতে ৰাজকন্যাৰ মাতৃয়ে বিচাৰিছে দুসপ্তাহৰ সময় । অভিযোগ অনুসৰি, গ্ৰেপ্তাৰৰ ভয়ত অসুস্থতাৰ অজুহাত দেখুৱাই গুৱাহাটীৰ জি এন আৰ চি হাস্পতালৰ আই চি ইউত ভৰ্তি হৈ আছে ৰাজকন্যা বৰুৱা । অসুস্থতাৰ কথা কৈ ৰাজকন্যা বৰুৱাৰ মাতৃয়ে দুসপ্তাহৰ সময় বিচাৰি দিছপুৰ থানাত আবেদন দাখিল কৰিছে ।

সন্দেহ কৰা হৈছে যে, ৰাজকন্যা বৰুৱাই স্বাস্থ্যৰ অচিলা লৈ আত্মগোপন কৰাৰ চেষ্টা কৰিছে । ইফালে, ৰাজকন্যা বৰুৱাক জামিন পোৱাৰ বাবে সুবিধা দিয়াৰ অভিযোগত দুগৰাকী আৰক্ষী বিষয়াক ৰিজাৰ্ভ ক্ল'জ কৰাৰ পিছত নতুনকৈ সমগ্ৰ ঘটনাৰ তদন্তৰ দায়িত্ব দিয়া হৈছে উপ-পৰিদৰ্শক যোগানন্দ বড়োক । উল্লেখ্য যে, মঙলবাৰৰ ভিতৰত দিছপুৰ থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছিল সুৰাৰ ৰাগীত মাতাল হৈ শ্ৰমিকক মহতিয়াই নিয়া মহানগৰীৰ মডেল ৰাজকন্যা বৰুৱাক ।

জি এন আৰ চি হাস্পতালৰ আই চি ইউত ৰাজকন্যা বৰুৱা

দিছপুৰ আৰক্ষীয়ে ইতিমধ্যে ৰাজকন্যা বৰুৱালৈ চমনো জাৰি কৰিছিল । আনকি আৰক্ষীয়ে ৰাজকন্যা বৰুৱাক ঘৰতো বিচাৰি গৈছিল । কিন্তু ঘৰত ওলমি আছিল তলা । অসুস্থতাৰ দোহাই দি জি এন আৰ চি হাস্পতালত ভৰ্তি হৈ আছে ৰাজকন্যা বৰুৱা । আৰক্ষীয়ে হাস্পতাললৈ গৈ থানাত হাজিৰ হোৱাৰ নিৰ্দেশো দিছিল ।

উল্লেখ্য যে, ১ অক্টোবৰৰ নিশা প্ৰায় ১.৩০ বজাত ৰাজকন্যা বৰুৱাই সুৰামত্ত হৈ দ্ৰুতগতিত গাড়ী চলাই ৰাজপথত কাম কৰি থকা শ্ৰমিকক মহতিয়াই নিছিল । আঠ জনকৈ শ্ৰমিকৰ জীৱনলৈ অমানিশা কঢ়িয়াই অনা ৰাজকন্যা বৰুৱাই পিছদিনাই লাভ কৰিছিল জামিন । কিন্তু কাৰ ভুলৰ বাবে ৰাজকন্যা বৰুৱাই জামিন লাভ কৰিছিল তাক লৈ উত্থাপিত হৈছে প্ৰশ্ন ।

যাক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । অভিযোগ উঠিছিল আৰক্ষীৰ বিৰুদ্ধে । ৰাজকন্যা বৰুৱাৰ ক্ষেত্ৰত সন্দেহৰ আৱৰ্তলৈ অহা দিছপুৰ আৰক্ষীৰ দুই বিষয়া আভাৰাণী গগৈ আৰু ছাহিৰ আলীক ইতিমধ্যে ৰিজাৰ্ভ ক্ল'জ কৰা হৈছে । আনহাতে, ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মায়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এটা কথা স্পষ্ট কৰি দিছিল যে, ৰাজকন্যা বৰুৱাক জামিনৰ সুবিধা কৰি দিয়াৰ ক্ষেত্ৰত কৰ্তব্যত গাফিলতি কৰা মানেই বিপদ ।

সাৰি যাব নোৱাৰিব ৰাজকন্যা বৰুৱাক সহায় কৰা আৰক্ষী । মুখ্যমন্ত্রীৰ সতৰ্কবাণীৰ পাচতেই সমগ্ৰ বিষয়টোৱে নতুন মোৰ লয় । কিন্তু বৰ্তমান ৰাজকন্যা বৰুৱাই থানাত হাজিৰ হোৱাৰ বিপৰীতে চিকিৎসালয়ত ভৰ্তি হৈ সাৰি থকাৰ কৌশল অৱলম্বন কৰিছে । এই ক্ষেত্রত আৰক্ষীয়ে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় বিষয় ।


লগতে পঢ়ক:DIG ৰৌণক আলি হাজৰিকাক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details