অসম

assam

ETV Bharat / state

চাকৰিৰ প্ৰলোভনৰে ধন সংগ্ৰহ কৰিছিল ৰাজীৱ পৰাশৰেঃ আৰক্ষী আয়ুক্ত - crime branch

চাকৰিৰ প্ৰলোভনেৰে ধন সংগ্ৰহ কৰাৰ অভিযোগত শুকুৰবাৰে মহানগৰীৰ ছয় মাইলৰ অনিল প্লাজাৰ ফ্লেটৰ পৰা অসম আৰক্ষীৰ ক্ৰাইম ব্ৰান্সে আটক কৰিছিল ৰাজীৱ পৰাশৰক ৷

rajiv-parashar-story-update
চাকৰিৰ প্ৰলোভনৰে ধন সংগ্ৰহ কৰিছিল ৰাজীব পৰাশৰেঃ আৰক্ষী আয়ুক্ত

By

Published : Oct 17, 2020, 5:41 PM IST

গুৱাহাটী, 17 অক্টোবৰ :অসম চৰকাৰৰ বিভিন্ন বিভাগত চাকৰি দিয়াৰ প্ৰলোভন দি বে আইনী ভাৱে ধন সংগ্ৰহ কৰিছিল শেহতীয়াকৈ অসম আৰক্ষীৰ ক্ৰাইম ব্ৰান্সে আটক কৰা বিজেপি নেতা ৰাজীৱ পৰাশৰে ৷ শনিবাৰে সংবাদমাধ্যমৰ আগত এই কথা সদৰি কৰিলে অসম আৰক্ষীৰ আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই ৷

চাকৰিৰ প্ৰলোভনৰে ধন সংগ্ৰহ কৰিছিল ৰাজীব পৰাশৰেঃ আৰক্ষী আয়ুক্ত

শেহতীয়াকৈ ৰাজীৱ পৰাশৰে ৰেল বিভাগত চাকৰি দিয়াৰ নামত বৃহৎ পৰিমাণৰ ধনৰ লেনদেন কৰিছিল ৷ ৰাজ্যৰ বিভিন্ন স্থানৰ শিক্ষিত যুৱক যুৱতিৰ পৰা চাকৰিৰ নামত অবাধে ধন সংগ্ৰহ কৰিছিল ধৃত ৰাজীৱ পৰাশৰে ৷ চাকৰিৰ প্ৰলোভনেৰে ধন সংগ্ৰহ কৰাৰ অভিযোগত শুকুৰবাৰে মহানগৰীৰ ছয় মাইলৰ অনিল প্লাজাৰ ফ্লেটৰ পৰা অসম আৰক্ষীৰ ক্ৰাইম ব্ৰান্সে আটক কৰিছিল ৰাজীৱ পৰাশৰক ৷

উল্লেখ্য যে ধন সংগ্ৰহৰ সমগ্ৰ অভিযোগৰ ভিত্তিত অসম আৰক্ষীৰ ক্ৰাইম ব্ৰান্সে ৰাজীৱ পৰাশৰৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইন অনুসৰি ৪১৮/৪২০/১২০বি ধাৰাত ১৫/২০২০ নম্বৰৰ এটা গোচৰ ৰুজু কৰিছিল ৷ উক্ত গোচৰৰ ভিত্তিতই অসম আৰক্ষীৰ ক্ৰাইম ব্ৰান্সে ৰাজীৱ পৰাশৰক আটক কৰে৷ সম্প্ৰতি আৰু অধিক তথ্যৰ বাবে ৰাজীৱ পৰাশৰক জেৰা অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে ৷

লগতে পঢ়ক: নিযুক্তি কেলেংকাৰী : গুৱাহাটীত গ্ৰেপ্তাৰ বিজেপি নেতা ৰাজীৱ পৰাশৰ

ABOUT THE AUTHOR

...view details