গুৱাহাটী,21 মাৰ্চ:"কংগ্ৰেছৰ পাঁচটা গেৰাণ্টিক লৈ বিজেপিত ব্যাপক চৰ্চা হৈছে আৰু যাৰ বাবে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে নিজৰ ভাষণত কংগ্ৰেছৰ পাঁচটা গেৰাণ্টিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে"-এই মন্তব্য কংগ্ৰেছৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্রী ৰাজীৱ শুক্লাৰ ৷ দেওবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজন কৰা এখন সংবাদমেলত কংগ্ৰেছৰ জেষ্ঠ নেতা শুক্লাই বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে, "প্ৰধানমন্ত্রী মোডীৰ দৰে মিছা প্ৰতিশ্ৰুতিৰে অসমৰ মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে পাঁচটা বছৰ পাৰ কৰিলে । সোণোৱাল চৰকাৰে প্ৰতিশ্ৰুতি বহুত দিলে যদিও এটাও পূৰণ নকৰিলে । এইবাৰ পুনৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে ৷ অসমৰ ৰাইজে এইখন চৰকাৰক উৎখাত কৰাৰ সুযোগ পাইছে ৷ আমি অসমৰ ৰাইজক বিজেপিক ওফৰাই কংগ্ৰেছক প্ৰতিষ্ঠা কৰাৰ বাবে আহ্বান জনালো" ৷
বিজেপিয়ে কথা মতে কাম নকৰে বুলি অভিযোগ কৰি শুক্লাই কয় যে, "আমি ৰাইজক প্ৰতিশ্ৰুতি দিয়া নাই, গেৰাণ্টি দিছো ৷ বিজেপি চৰকাৰে দেশৰ মান বৃদ্ধি কৰিম বুলি চীনৰ ওচৰত দেশৰ মান অৱনমিত কৰিলে ৷ দেশৰ সম্পদৰ ৰক্ষণাবেক্ষণ দিম বুলি কৈ সম্পদসমূহ বিক্ৰী কৰিলে ৷ চাকৰি দিম কৈ নিদিলে ৷ বৰং বিমুদ্ৰাকৰণ আৰু লক ডাউনৰ বাবে আঢ়ৈ কোটি মানুহ সংস্থাপনহীন হ'ল ৷ অসমত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ দিনত বিকাশ হৈছিল । যাৰ বাবে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে তৰুণ গগৈক সু-প্ৰশাসক আখ্যা দিছিল । আনকি মোডীয়েও তেওঁৰ কৰ্ম দক্ষতাক প্ৰশংসা কৰিছিল ৷ কিন্তু এতিয়া নিৰ্বাচনৰ বাবে কংগ্ৰেছে একো কৰা নাই বুলি সমালোচনা কৰিছে ৷ অসমৰ ৰাইজে সকলো জানে ৷ অসমৰ ৰাইজে এইবাৰ বিজেপিক আঁতৰাই কংগ্ৰেছক শাসনভাৰ দিব" ৷