অসম

assam

ETV Bharat / state

মুখ্য ন্য়ায়িক দণ্ডাধীশৰ আদালতত ৰাজেন গোহাঁই - সাক্ষ্য গ্ৰহণ

নাৰী কেলেংকাৰীৰ বিতৰ্কৰ সন্দৰ্ভত আজি সাক্ষ্য গ্ৰহণ কৰে ৰাজেন গোহাঁইৰ ৷ ৰে'ল মন্ত্ৰী গৰাকীৰ ওপৰত থকা নাৰী কেলেংকাৰীৰ অভিযোগ সম্পূৰ্ণ ভিত্তিহীন বুলি মন্তব্য ৰাজেন গোহাঁইৰ ৷

মুখ্য নিয়াধীশ দণ্ডাধীশৰ আদালতত ৰাজেন গোহাঁই

By

Published : Apr 24, 2019, 2:26 PM IST

গুৱাহাটী, 24 এপ্ৰিলঃ বুধবাৰে মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত উপস্থিত হয় ৰে'ল মন্ত্ৰী ৰাজেন গোহাঁই ৷ নাৰী কেলেংকাৰীৰ ঘটনাৰ সাক্ষ্য প্ৰদানৰ বাবে আজি আদালতত উপস্থিত হয় ৰে'ল মন্ত্ৰী গৰাকী ৷

মুখ্য নিয়াধীশ দণ্ডাধীশৰ আদালতত ৰাজেন গোহাঁই

ৰে'ল মন্ত্ৰী গৰাকী নাৰী কেলেংকাৰীৰ বিতৰ্কৰ লগত সাঙুৰ খোৱাৰ পাচতে ভাৰতীয় দণ্ড বিধিৰ 202 অধীনত ইতিমধ্যে তদন্ত আৰম্ভ কৰা হৈছে ৷ তদুপৰি IPC 439/500/501 section 34 আৰু 35 ৰ অধীনতো এক গোচৰ ৰুজু কৰা হৈছে ৷ ইপিনে আদালতত সাক্ষ্য গ্ৰহণ কৰিবলৈ আহি মন্ত্ৰী গৰাকীয়ে ৰাজনৈতিক ভাৱমূৰ্তি বিনষ্ট কৰাৰ অভিযোগ উত্থাপিত কৰে ৷ লগতে কয় যে বাতৰি বোৰৰ কাৰণে তেওঁ প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত হয় ৷ আনহাতে মাৰ্চ মাহৰ 22 তাৰিখে এটা ব্যক্তিগত খণ্ডৰ সংবাদ মাধ্যমত প্ৰচাৰ হোৱা বাতৰিৰ বাবে তেওঁ সংবাদ মাধ্যমটোৰ পৰিচালন সঞ্চালক, মুখ্য় সম্পাদক, আৰু এজন সাংবাদিকৰ বিৰুদ্ধে অভিযোগ আনে ৷

ABOUT THE AUTHOR

...view details