গুৱাহাটী, ১৭ ডিচেম্বৰ: অংকত যদি খেলিমেলি নালাগে আৰু হিচাপ যদি শুদ্ধ হয় তেন্তে চলিত মাহৰ শেষৰ ভাগলৈ কংগ্ৰেছে তিনি বিধায়কক বিদায় দিব লাগিব । ইতিমধ্যে এই তিনি কংগ্ৰেছ বিধায়কৰ বিজেপি গমন প্ৰায় নিশ্চিত হৈছে । কেতবোৰ পূৰ্ব চৰ্তৰ আধাৰত এই তিনি বিধায়ক সাজু হৈছে বিজেপিত যোগ দিবলৈ । অৱশ্যে ইয়াৰে এজনক ইতিমধ্যে কংগ্ৰেছে নিলম্বিত কৰি থৈছে ।
এই মাহতে তিনি কংগ্ৰেছ বিধায়কৰ বিজেপিত যোগদানৰ সম্ভাৱনা
চলিত মাহৰ শেষৰ ভাগলৈ কংগ্ৰেছৰ ৩ গৰাকী বিধায়কে গেৰুৱা দলৰ সদস্য পদ গ্ৰহণ কৰাৰ সম্ভাৱনা আছে । কংগ্ৰেছে পূৰ্বে নিলম্বন কৰা বিধায়কেও যো-জা চলাইছে বিজেপি দলত যোগদান কৰাৰ । গোলাঘাটৰ অজন্তা নেওগ, সৰুপথাৰৰ ৰ'জলিনা তিৰ্কি আৰু লক্ষীপুৰৰ ৰাজদ্বীপ গোৱালাই বিজেপিত যোগদান কৰাৰ সম্ভাৱনা আছে ।
এই মাহতে তিনি কংগ্ৰেছ বিধায়কৰ বিজেপিত যোগদানৰ সম্ভাৱনা
কংগ্ৰেছ এৰি বিজেপিত যোগ দিয়াটো একপ্ৰকাৰ নিশ্চিত হোৱা এই তিনি বিধায়ক হ'ল গোলাঘাটৰ অজন্তা নেওগ, সৰুপথাৰৰ ৰ'জলিনা তিৰ্কি আৰু লক্ষীপুৰৰ ৰাজদ্বীপ গোৱালা । অৱশ্যে বিজেপিৰে ভিতৰুৱাকৈ সম্পৰ্ক ৰক্ষা কৰি চলাৰ বাবে ৰাজদ্বীপ গোৱালাক ইতিমধ্যে কংগ্ৰেছে নিলম্বন কৰি থৈছে । বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই এই তিনি বিধায়কৰ যোগদানত সেউজ সংকেত দিয়া বুলিও বিজেপিৰে এক শীৰ্ষ সুত্ৰই প্ৰকাশ কৰিছে ।
লগতে পঢ়ক:উত্তৰ পূৰ্বাঞ্চলৰ মহিলাক ভাৰতীয় সেনাবাহিনীত দ্বিতীয় পৰ্যায়ৰ অন্তৰ্ভুক্তি
Last Updated : Dec 17, 2020, 9:47 PM IST