গুৱাহাটী, ৬ মে' : অসমৰ ৰাজনৈতিক ইতিহাসত এনে ঘটনা কেতিয়াও ঘটা নাছিল । চৰকাৰ গঠন কৰিব পৰা জোখাৰে আসন লাভ কৰাৰ পাচতো ফলাফল ঘোষণাৰ পাঁচ দিন উকলি যোৱা স্বত্বেও চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱা নাই 'মহাপ্ৰতাপী' বিজেপি দলে । কাৰণ এটাই - দ্বিতীয়টো কাৰ্যকালৰ বাবে গঠন হ'ব লগীয়া বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ মুখ্যমন্ত্ৰীৰ আসনত কোন বহিব সেয়া বিগত চাৰি দিনে চূড়ান্ত কৰিব পৰা নাই বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই ।
দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা যোৱা দুদিন ধৰি ব্যস্ত হৈ আছে পশ্চিমবংগত । বৃহস্পতিবাৰে তেওঁ দিল্লীলৈ উভতি যোৱাৰ পাচতহে মুখ্যমন্ত্ৰী কোন হ'ব সেয়া বিজেপিৰ সংসদীয় ব'ৰ্ডৰ সভাই চূড়ান্ত কৰি আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ সম্ভাৱনা আছে ।