গুৱাহাটী,19 ডিচেম্বৰঃ সদৌ অসম উকীল সন্থাই বৃহস্পতিবাৰে নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কে এক সংবাদমেলৰ আয়োজন কৰে । সন্থাৰ সাধাৰণ সম্পাদক দীপক কুমাৰ দাসে কয় যে, "আমি আৰম্ভণিৰ পৰাই নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি আহিছো । অসম আন্দোলন আৰু অসম চুক্তি অনুসৰি 1971 চনৰ পাছত অহা বিদেশীয়ে অসম ত্যাগ কৰিব লাগিব |" ইতিমধ্যে সদৌ অসম উকীল সন্থাৰ তৰফৰ পৰা নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কে লেখ আবেদন দাখিল কৰিছে । আইনখনে অসমৰ ভাষা সংস্কৃতি বিনষ্ট কৰিব বুলি দাসে কয় ৷ শুক্ৰবাৰে দিনৰ 11:30 বজাত সদৌ অসম উকীল সন্থাৰ তৰফৰ পৰা ‘ৰাজভৱন চলো’ শীৰ্ষক এক সমদল উলিওৱা হ’ব । ইয়াৰ জৰিয়তে ৰাজ্যপালৰ যোগেদি ৰাষ্ট্ৰপতিলৈ এক স্মাৰক প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সদৌ অসম উকীল সন্থাই ৷ সম্প্ৰতি বিশ্বৰ ভিন্ন স্থানত এই আইন সম্পৰ্কে প্ৰতিবাদ চলি আছে ৷ তেনে সময়ত বিজেপিয়ে আইনখন উত্তৰ-পূৱৰ হিতৰ বাবে অনা বুলি কোৱাটো এক দুৰ্ভাগ্যজনক বুলি দাসে কয় ৷
সদৌ অসম উকীল সন্থাৰ ৰাজভৱন চলো কাৰ্যসূচী - Rajbhawan Chalo
নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কে এক সংবাদমেলৰ আয়োজন কৰে সদৌ অসম উকীল সন্থাই,শুক্ৰবাৰে দিনৰ 11:30 বজাত সদৌ অসম উকীল সন্থাৰ তৰফৰ পৰা ‘ৰাজভৱন চলো’ শীৰ্ষক এক সমদল উলিওৱা হ’ব,ইয়াৰ জৰিয়তে ৰাজ্যপালৰ যোগেদি ৰাষ্ট্ৰপতিলৈ এক স্মাৰক প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সদৌ অসম উকীল সন্থাই
ইপিনে ৰাজ্যৰ শিল্পী সমাজক প্ৰলোভন দি চৰকাৰে এই আইন বিৰোধী প্ৰতিবাদ দুৰ্বল কৰিব বিচাৰিছে । উগ্ৰ দমন নীতিৰে ৰাজ্য চৰকাৰে প্ৰতিবাদী জনতাক ৰুদ্ধ কৰাৰ চেষ্টা চলাইছে ৷ সংবাদমেলখনত অংশগ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামানে কয় যে,আন্দোলনৰ সময়ত চৰকাৰে আটক কৰা লোকৰ হৈ উকীল সন্থাই বিনামূলীয়াকৈ ওকালতি কৰিব । তদুপৰি অখিল গগৈক দহ বছৰৰ এটা পুৰণি গোচৰত পৰিকল্পিতভাৱে গ্ৰেপ্তাৰ কৰা হৈছে । নিয়াই আদালতত হাজিৰ কৰোৱা সময়ত যিদৰে কৃষক নেতাগৰাকীক ধৰি অনা হৈছিল,তাৰ দ্বাৰা মানৱ অধিকাৰ উলংঘন কৰা হৈছে । উগ্ৰ দমন নীতিৰে চৰকাৰে প্ৰতিবাদক দমন কৰিব বিচাৰিছে । বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক বিশেষ সম্প্ৰদায়ৰ লোকক লক্ষ্য কৰি লোৱাটো দুৰ্ভাগ্যপূৰ্ণ বুলি মন্তব্য কৰে অধিবক্তাগৰাকীয়ে । "কা’ বিৰোধী প্ৰতিবাদত বিভিন্ন জাতি-ধৰ্ম-বৰ্ণৰ লোকে স্ব ইচ্ছাৰে ওলাই আহিছে । সংবিধান বিৰোধী আইন আমি কেতিয়াও মানি নলওঁ" বুলিও দাবী কৰে সদৌ অসম উকীল সন্থাই ৷
লগতে চাওকঃবৃহস্পতিবাৰে ইন্টাৰনেট সেৱা পুনৰ বাহাল কৰিবলৈ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ