গুৱাহাটী, ২৫ অক্টোবৰ : ক’ভিডে থানবান কৰি থৈ যোৱা ৰাজ্যৰ চলচ্চিত্ৰ জগতলৈ সুখবৰ । দেশৰ মৰ্যাদা পূৰ্ণ ৬৭ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ বাবে নিৰ্বাচিত ''ৰণুৱা'' নামৰ অসমীয়া ছবিখনে লাভ কৰিছে ৰজতকমল বঁটা । অসমীয়া চলচ্চিত্ৰৰ এগৰাকী জনপ্রিয় চলচ্চিত্ৰ নিৰ্মাতা তথা পৰিচালক চন্দ্ৰ মুদৈৰ দ্বাৰা পৰিচালিত 'ৰণুৱা' নামৰ অসমীয়া ছবিখনে ৰজকমল বঁটা লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে ।
সোমবাৰে নতুন দিল্লীত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ সমাৰোহত ছবিখনৰ পৰিচালক চন্দ্ৰ মুদৈয়ে উপ-ৰাষ্ট্রপতি এম ভেংকায়া নাইডুৰ পৰা ৰজতকমল বঁটা গ্ৰহণ কৰে । ১৯৫৬ চনত নগাঁও জিলাৰ পুৰণিগুদামত জন্ম গ্ৰহণ কৰা জনপ্ৰিয় চলচ্চিত্ৰ নিৰ্মাতা চন্দ্ৰ মুদৈয়ে এতিয়ালৈ ১৫ খন ছবি নিৰ্মাণ কৰিছে ৷ তাৰ ভিতৰত গ' গ' আই আৰু ভোলা ব'ম ভোলা নামৰ ছবি দুখন মুক্তিৰ বাবে সাজু হৈ আছে ।